Breaking

নাজিৰাত দুই সমাজ হিতৈষীলৈ সাংবাদিকৰ বিহুৰ ওলগণি

0 120

বিহু গীতৰ নামত আধুনিক গীত সৃষ্টি কৰি বিজতৰীয়া সুৰ – শব্দৰ পৰিত্যাগৰ আহ্বান শিল্পী সমাজলৈ । নাজিৰাৰ গেলেকীৰ সমাজ-কৰ্মী বয়োজ্যেষ্ঠ নাগৰিক অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ চন্দ্ৰ গগৈয়ে ২৪ এপ্ৰিলত নাজিৰা প্ৰেছ ক্লাৱ সভাকক্ষত আয়োজিত বিহুৰ ওলগণি অনুষ্ঠানৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰে । তেওঁৰ শিক্ষকতাৰ সেৱাৰ লগতে বিস্তৃত কৰ্মময় জীৱনত বিদ্যালয়, মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগতে গেলেকীৰ বজাৰ ব্যৱস্থাৰ বিকাশৰ হেতু প্ৰচেষ্টা চলাই যোৱাৰ সেৱা কৰ্মক স্মৰণ কৰে ।

চাইকেল চলাই সমাজৰ বিভিন্ন স্তৰত সমন্বয় সংযোগ ঘটাই বিকাশৰ পথ ত্বৰান্বিত কৰাৰ বাবেই নাজিৰা জিলা সাংবাদিক সংস্থাই তেওঁক সম্বৰ্দ্ধনা জনোৱাত পৰম কৃতজ্ঞতা প্ৰকাশ কৰি ইয়াৰ জড়িয়তে তেওঁৰ জীৱনৰ আয়ুস বঢ়াই তুলিছে বুলি প্ৰকাশ কৰে । আনহাতে জীৱনৰ ৮২ তম বৰ্ষত ভৰি দি একাদিক্ৰমে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ-বৰ্গৰ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰা সামাজিক সেৱাৰ সৈতে জড়িত হৈ ৰোৱা সত্যেন্দ্ৰনাথ বৰঠাকুৰকো সম্বৰ্দ্ধনা জনোৱাৰ পাছতে সম্বৰ্দ্ধিতজনৰ জীৱন-কৰ্মৰ বিষয়ে নাজিৰা প্ৰেছ ক্লাৱৰ উপদেষ্টা বীৰেণ শৰ্মাই বৰ্ণনা দাঙি ধৰে ।

নাজিৰা জিলা সাংবাদিক সংস্থাৰ  সভাপতি দুৰ্লভ বুঢ়া গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত এই  সভাত অধ্যাপক ড’ জীৱন কলিতাই বিহু গীত গাই ওলগণি অনুষ্ঠান জীপাল কৰি তোলাৰ লগতে নাজিৰাৰ মহকুমা জনসংযোগ বিষয়া ড’ বৰ্ণালী দত্তই জেং বিহুৰ ঠাঁচেৰে বিহুগীত পৰিৱেশন আৰু নৃত্যৰে সভাগৃহ ৰঙীন কৰি তোলে । 

বিহু গীতৰ কলি আওঁৰাই  জ্যেষ্ঠ সাংবাদিক অনুজ ৰাজখোৱাই আঁত ধৰি যোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নাজিৰা জিলা সাংবাদিক সংস্থাৰ সম্পাদক অনন্ত কলিতাই । সংস্থাৰ উপ-সভাপতি ভাস্কৰ জ্যোতি বৰগোহাঞিয়ে বক্তব্য দাঙি ধৰি বিহুৰ স্বকীয়তা জীয়াই ৰাখিবলৈ মঞ্চৰ শিল্পী সকলে ৰাইজৰ মনত বাজি থকা স্বকীয় পৰিচিতিৰ বিহুগীতৰ অন্বেষণত গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰাৰ লগতে আধুনিক গীতৰ শাৰীত বিহুগীতক থিয় কৰাব বিচৰা এচাম শিল্পীয়ে বিজতৰীয়া সুৰ-শব্দৰ প্ৰয়োভৰ ঘটোৱাৰ প্ৰতি আঙুলিয়াই দিয়ে ।

সভালৈ শিল্পী অকণমাণ গগৈকো সম্বৰ্ধনাৰ বাবে নিমন্ত্ৰণ জনায় যদিও তেওঁ সভাত উপস্থিত হ’ব নোৱাৰিলে । শৰাই আগবঢ়াই বয়োজ্যেষ্ঠক ওঁলগ যচাৰ লগতে বিহুগীতত মিলিত সাংবাদিক সকলে গামোচা লৈ ৰাজহুৱা জলপান গ্ৰহণেৰে আপ্যায়িত হয় । সভাত শিক্ষাবিদ গোপাল বৰুৱা, ৰাজেশ দত্ত  আদিয়ে  সাংবাদিকসকলে সহযোগ কৰে । 

Leave A Reply