Breaking

১৩ গৰাকী ৰাষ্ট্ৰীয় উপাধ্যক্ষ নিযুক্তি জে পি নাড্ডাৰ। কামাখ্য প্ৰসাদ তাছাক ৰাষ্ট্ৰীয় সচিব…

0 64

ৰাজস্থান, মধ্য প্ৰদেশ, ছট্টিছগড়, তেলেংগনাৰ আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিভিন্ন ৰাজ্যত ১৩ গৰাকী উপ সভাপতি নিযুক্তি দিয়ে। একেদৰে অৰুণ সিঙক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। বি এল সন্তোষক সাংগঠানিক সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। একেদৰে ৮ খন ৰাজ্যত নিযুক্তি দিয়া হৈছে সাধাৰণ সম্পাদক। ৰাষ্ট্ৰীয় সচিব হিচাপে ১৩ খন ৰাজ্যত নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে অসমৰ সাংসদ কামাখ্য প্ৰসাদ তাছাক নিযুক্তি দিয়া কাৰ্যত ৰাজ্যিক বিজেপিৰ মাজত আনন্দৰ লহৰ দেখা গৈছে।

এই কাৰ্যক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভবেশ কলিতাকে ধৰি নেতা মন্ত্ৰী সকলে তাছাক অভিনন্দন জনায়। উল্লেখ্য যে আজি নিযুক্তি দিয়া সকলৰ ভিতৰত অন্যতম উপ সভাপতি গৰাকী হৈছে তাৰিক মনছুৰ। এওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অবসৰপ্ৰাপ্ত উপাচাৰ্য । জেপি নাড্ডাই আজি কোষাধ্যক্ষ হিচাপে উত্তৰ প্ৰদেশৰ ৰাজেশ আগৰৱালক আৰু সহকাৰী কোষাধ্যক্ষ হিচাপে তেৰশ বণসলক নিযুক্তি দিয়ে।

Leave A Reply