Breaking

কুমাৰীকাটাত জুনিয়ৰ আৰু ছাব জুনিয়ৰ(ল’ৰা -ছোৱালী) হেণ্ডবল প্ৰশিক্ষণ সফল সামৰণিঃ

0 52

তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বাক্সা জিলা হেণ্ডবল এছোচিয়েছনৰ উদ্যোগত জুনিয়ৰ আৰু ছাব জুনিয়ৰ পৰ্যায়ৰ লৰা আৰু ছোৱালীৰ একৈশ দিনীয়া  প্ৰশিক্ষণ শিৱিৰৰ আজি সফল সামৰণি পৰে । বাক্সা জিলা হেণ্ডবল এচোছিয়েছনৰ সম্পাদক  আলাউদ্দিন আহমেদৰ তত্বাৱধানত  কুমাৰীকাটাৰ কণিষ্ঠ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত একৈশ দিনীয়া প্ৰশিক্ষণ শিৱিৰটোত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে চাঞ্জা ৰাম বসুমতাৰী আৰু মীনা বড়োৰ সহযোগত এন আই এছ( NIS) ৰ প্ৰশিক্ষক অজিত সিঙে। আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ মাজতে দুখন প্ৰদৰ্শনী খেলৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হয়। বাক্সা জিলা হেণ্ডবল সন্থাৰ সম্পাদক আলাউদ্দিন আহমেদে আঁঁতধৰা সভাত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰে কুমাৰীকাটা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা বিভা ৰাণী নাৰ্জাৰী, বাক্সা জিলা হেণ্ডবল এচোছিয়েছনৰ সভাপতি অনিল দাস আৰু প্ৰশিক্ষক অজিৎ সিঙে।

Leave A Reply