Juri Borah Borgohain:এগৰাকী অনুবাদকে উপন্যাস লিখাটো বৰ ভাল কামঃ জুৰী বৰা বৰগোহাঞি

গুৱাহাটী, ১৯ ডিচেম্বৰঃ ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগনত বৃহস্পতিবাৰে ড° জুনু মহন্তৰ উপন্যাস ভূৱনেশ্বৰী উন্মোচন কৰা হয়। ডিব্ৰুগড় লেখিকা সমাৰোহৰ আয়োজনত অনুষ্ঠিত হোৱা সাহিত্য অনুস্থানত অনুবাদক, গল্পকাৰ, অধ্যাপিকা ড° জুনু মহন্তৰ প্ৰথম উপন্যাস উন্মোচন কৰে উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে(Juri Borah Borgohain)।

গ্ৰন্থখন উন্মোচন কৰি উপন্যাসিক জুৰী বৰা বৰগোহাঞিযে কয় যে ড° জুনু মহন্ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে এগৰাকী সফল অনুবাদক। ইতিমধ্যেই তেখেতে অনুবাদ কৰা ‘দূৰণিৰ ৰং’ নামৰ এখন গুৰুত্বপূৰ্ণ অনুবাদ গ্ৰন্থ প্ৰকাশ পাইছে। লগতে এইগৰাকী লেখিকাৰ প্ৰবন্ধ সংকলন, গল্প সংকলন প্ৰকাশ পাইছে।(Dibrugarh Book Fair)

সত্ৰ এখনৰ পৰিয়াল এটাৰ পৰা অহা জুনু মহন্তৰ জীবনৰ অভিজ্ঞতাও বহমাত্ৰিক। মূলতঃ গৱেষণা আৰুঅধ্যাপনাৰে জীৱন পাৰ কৰা লেখিকাই অতি সুন্দৰ আৰু গৱেষণা কৰি লিখি উলিয়াইছে। উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে মহাপুৰুষ শংকৰদেৱৰ ভতিজী ভুৱনেশ্বৰীক কেন্দ্ৰ কৰি।(LITERARY FORUM ADHARSHILA STARTED)


অসামান্য ৰূপৱতী ভুৱনেশ্বৰীৰ ৰূপ গুণত মোহ গৈ প্ৰৱল পৰাক্ৰমী কোচ ৰাজ্যৰ সেনাধ্যক্ষ বীৰ চিলাৰায়ে বিবাহ প্ৰস্তাৱ পঠায়। সেই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মই ৰাজ অনুগ্ৰহ লাভ কৰে।

কোচ সাম্ৰাজ্যত আশ্ৰয় লাভ কৰি গুৰুজনাই নিশ্চিন্ত মনে ৰচনা কৰে অনেক আখ্যান। হাতী মাৰি ভুৰুকাত ভৰোৱা, বৃন্দাৱনী বস্ত্ৰ বোৱা আদি অনেক অসাধাৰণ কাৰ্যও সম্পন্ন হয় এই সময়চোৱাতে।

বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ সোণালী যুগ মহাৰাজ নৰনাৰায়ন আৰু বীৰ চিলাৰায়ৰ আমোলত কোচ সাম্ৰাজ্যতে আৰম্ভ হয়। সেয়া আছিল কোচ ৰাজ্যৰো স্বৰ্ণ যুগ।

এই দুই শক্তি আৰু সংস্কৃতিৰ মিলনত সাকোঁ ৰূপে কাম কৰে ভুৱনেশ্বৰীয়ে। কাহিনীভাগৰ মাজে মাজে ফুটি উঠিছে কোচ ৰাজ্যৰ বিজয় গাথা আৰু চিলাৰায় ভুৱনেশ্বৰীৰ প্ৰেমৰ অপৰূপ ৰূপকথা।


লোক সংস্কৃতিৰ গৱেষক আৰু ডিডিআৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ড° জুনু মহন্তই মধুপুৰ সত্ৰ, কোচ বিহাৰ, ছত্ৰশাল, ৰামৰায় কুঠী আদিত ক্ষেত্ৰ অধ্যয়ন কৰি লিখি উলিয়াইছে ভুৱনেশ্বৰী। উন্মুচক জুৰী বৰা বৰগোহাঞিযে এইখন উপন্যাস সাহিত্য জগতৰ এক অনবদ্য স্থান দখলৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰে।


উন্মোচনী সভাত উপস্থিত থাকে লেখিকা ড° ভাৰতী দত্ত, ৰেণু ফুকন, ড° বিদিশা মহন্ত, সংস্কৃত পণ্ডিত ড° জয়কৃষ্ণ মহন্ত, ড° অসীম চুতীয়া, ড° প্ৰণয় ফুকন, গিতালি মহন্তকে আদি কৰি ডিব্ৰুগড় লেখিকা সমাৰোহৰ কেইবাগৰাকীও বিশিষ্ট অতিথি। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে অভিজাত প্ৰকাশক বনলতাই। সভাত বনলতা প্ৰকাশনৰ কেইবাগৰাকীও অতিথি উপস্থিত থাকে।

Related Articles