Breaking

২০২৪ ৰ আই পি এলৰ মাজত মাথোঁ কেইটামান মাহ ! সমস্যাত ভিন্ন ফেন্সাইজি দলৰ ৫ তাৰকা ক্ৰিকেটাৰ…

0 23

২০২৪ ৰ আই পি এলৰ বাবে নিজা নিজা ৰণ নীতি সাজু প্ৰতিটো দলৰ । কিন্তু উদ্বেগৰ বিষয়টো হ’ল — এইবাৰ বিভিন্ন ফ্ৰেন্সাইজি দলৰ পাঁচ জনকৈ তাৰকা ক্ৰিকেটাৰ ভিন্ন কাৰণত বাহিৰ হ’ব পাৰে । হাৰ্ডিক পাণ্ডিয়া গুৰুতৰ আঘাতপ্ৰাপ্ত হোৱাৰ বাবেই মুম্বাইৰ ইণ্ডিয়ানছৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে । বিগত কিছুদিন ধৰি হাৰ্ডিক পাণ্ডিয়াই আঘাতৰ পৰা সুস্থ হৈ উঠা নাই । জানিব পৰা মতে ক্ৰিকেট তাৰকা হাৰ্ডিক পাণ্ডিয়াই আঘাতপ্ৰাপ্ত হোৱাৰ বাবেই আফগানিস্তানৰ টি- টুৱেণ্টী শৃংখলাৰ পৰা অব্যাহতি লয় । তথাপি তেওঁ আই পি এলৰ ২০২৪ ছিজন খেলাৰ বাবে সাজু । ইফালে মহম্মদ ছামিৰ আঘাত গুজৰাট টাইটানছ বাবে চিন্তাৰ বিষয় হৈ উঠিছে ।

টি- টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ২০২৪ ৰ প্ৰথম মাহত হ’বলগীয়া মেচত মহম্মদ ছামিয়ে খেলাৰ সম্ভাৱনা নাই । এনে অৱস্থাত ছামিয়ে আই পি এলত খেলিব নে নাই সেয়া বিবেচনাৰ বিষয় হৈ পৰিছে ।

ইফালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটাৰ সূৰ্য কুমাৰ যাদৱ আঘাতপ্ৰাপ্ত হৈছিল । আঘাতৰ পাছত সূৰ্য্য কুমাৰ সুস্থ হৈ উঠিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব ।‌ সেয়েহে তেওঁ আই পি এল ২৪ ৰ বাবে সাজু নে নাই সেয়া লক্ষ্যণীয় হ’ব ।

কিয়নো লোকসভা নিৰ্বাচনৰ বাবে মাৰ্চত আই পি এল ২০২৪ আগতীয়াকৈ আৰম্ভ হ’ব পাৰে । একেদৰে মহেন্দ্ৰ সিং ধোনী আঁঠুৰ সমস্যাত ভুগিছে । যোৱা আই পি এল ছিজনত ক্ৰিকেট তাৰকাগৰাকীৰ এই সমস্যা পৰিলক্ষিত হৈছিল । ২০২৩ ৰ আই পি এলৰ ছিজনত চি এছ কেৰ অধিনায়কজনে কৈছিল যে, ভৱিষ্যতে খেলা- নেখেলা — এই সকলোবোৰ তেওঁৰ শৰীৰে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে তাৰ ওপৰত নিৰ্ভৰ কৰিব ।

আনফালে আই পি এলৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ খেলা আফগানিস্তানৰ নবীন- উল- হক আই পি এলৰ ২০২৪ প্ৰতিযোগিতাৰ পৰা বঞ্চিত হ’ব পাৰে । কিয়নো আফগানিস্তান ক্ৰিকেট বোৰ্ডে তেওঁক আই পি এল টি- টুৱেণ্টী লীগৰ অগ্ৰাধিকাৰ দিয়াৰ বাবে বাধা আৰোপ কৰিছে । পৰৱৰ্তী এমাহত কি হ’ব সেয়া চাবলৈ আকৰ্ষণীয় হ’ব । কিয়নো এ চি বিয়ে নবীন – উল- হকক আই পি খেলিবলৈ আপত্তি বিহীন প্ৰমাণ পত্ৰ দিবলৈ বাধ্য হ’ব‌ও পাৰে ।

Leave A Reply