Breaking

সমগ্ৰ বিশ্বক জোকাৰি যোৱা বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ মাত্ৰ তিনিদিন পিছতে, উৰিষ্যাৰ বৰগড় জিলাত আন এখন ৰে’ল হ’ল লাইনচ্যুত!

0 89

উৰিষ্যাৰ দুংগুৰিৰ পৰা বৰগড়লৈ যোৱা এখন মালবাহী ৰে’ল সোমবাৰে বৰগড় জিলাৰ মেন্ধাপালিৰ ওচৰত লাইনচ্যুত হয়।

খবৰ অনুসৰি বৰগড়ত চূণশিল কঢ়িয়াই অনা মাল ৰেলখনৰ পাঁচটা বগী ৰেলপথৰ পৰা ওলাই যায়। অৱশ্যে কোনো লোক হতাহতি হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ডুংৰি চূণশিল খনি আৰু বৰগড়ৰ চিমেণ্ট প্লাণ্টৰ মাজত ব্যক্তিগত নেৰ’গেজ ৰে’ল লাইন। লাইন, ৱেগন, লোকো ব্যক্তিগত আৰু এইবোৰ ভাৰতীয় ৰেল ব্যৱস্থাৰ সৈতে সংযুক্ত নহয়।

Leave A Reply