Breaking

‘কা’ বাতিল নহলে পুনৰ আন্দোলন গঢ়ি তোলা হ’বঃ শৃংখল চলিহা

0 52

অসম আৰু অসমীয়াৰ ত্যাগ আৰু অনুভূতিক মৰ্য্যদা প্ৰদান নকৰা বিজেপিৰ তথাকথিত ভণ্ড নেতাৰ স্বাৰ্থৰ বাবে বলপূৰ্বক ভাৱে জাপি দিয়া ” নাগৰিকত্ব সংশোধনী আইন – ২০১৯ ” বাতিল নোহোৱালৈকে পুনৰ সংগঠিত ৰূপত দৃঢ়তাৰে ” কা ” বিৰোধী আন্দোলন গঢ়ি তোলা হ’ব। আজি নাজিৰা নাট্য মন্দিৰত ” বীৰ লাচিত সেনা, অসম ” ৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত যোগদান অনুষ্ঠানত এইদৰে হুংকাৰ প্ৰদান কৰে জাতীয়তাবাদী যুৱ নেতা শংখল চলিহাই।

সংগঠনটোৰ জিলা সমিতিৰ সভাপতি অংকুৰ গগৈৰ সভাপতিত্বত আৰু ভাৰপ্ৰাপ্ত সম্পাদক অনুপম সন্দিকৈয়ে আতধৰা অনুষ্ঠানত শৃংখল চলিহাই লগতে কয় , আন্দোলন সফল হ’বলৈ হ’লে তাত , ঘাম আৰু ত্যাগ লাগিব । অসমৰ ছাত্র সমাজে ঘাম , তেজ আৰু ত্যাগৰ বিনিময়েৰে জাতিধ্বংসী ” কা ” আন্দোলন গঢ়ি তুলিছিল । কিন্তু জাতিৰ ধ্বংসৰ বাবে শাসন চলোৱা সকলে ” আমাক ” জেলত ৰাখি আন্দোলনকাৰী সকলৰ মাজত ভণ্ড জাতীয়তাবাদী নেতাক সুমুৱাই দি ” কা ” আন্দোলনক খেল পথাৰলৈ নি নাচ – গানৰ নৃত্যৰে আন্দোলনক বিপথে পৰিচালিত কৰি অৱশেষত পুনৰ বিজেপিক চৰকাৰ গঠনৰ বাবে বৰপীড়া পাৰি দিলে ।

চলিহাই লগতে কয় , ভাৰতীয় কৃষকৰ ন্যায়  অধিকাৰ তথা নৰেন্দ্ৰ মোদী হতৰ হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে দৃঢ়তাৰে গঢ়ি তোলা কৃষক আন্দোলন সফল , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্প – অহংকাৰ চূৰ্ণ হ’ল । শিৱসাগৰ জিলাৰ আমগুৰি , লাকুৱা , দেওৰজা আদি বিভিন্ন অঞ্চলৰ আহোম জাতীয় গণ মঞ্চৰ উদয়াদিত্য বড়া , কল্যাণ গগৈ , মৃদু পৱন গগৈ , সূৰ্য গগৈ উত্তম গগৈ , আহোম সেনা , অসমৰ ধনজিৎ গগৈৰ নেৰ্তৃত্বত দুই শতাধিক যুৱকে ” বীৰ লাচিত সেনা , অসম” ত আনুষ্ঠানিক ভাৱে যোগদান কৰা অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মাধুৰ্য ৰাজকোঁৱৰ , পৱিত্ৰ গগৈকে ধৰি ভালেককেইজনে বক্তব্য দাঙি ধৰে 

Leave A Reply