Breaking

গুৱাহাটীত খেল মহাৰণৰ কাবাদী প্ৰতিযোগিতা আৰম্ভ…

0 27

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে আয়োজন কৰা অসম খেল মহাৰণ, ২০২৩ৰ ৰাজ্যিক পৰ্যায়ৰ কাবাদী প্ৰতিযোগিতাসমূহ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে৷ আজি পুৱা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালী মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ অনুষ্ঠানত কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা আয়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা, অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদক অলোক ত্ৰিপাঠী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠান উপলক্ষে সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়৷

ইয়াৰ পিছতে খেলুৱৈসকলক খেল মহাৰণৰ শপত বাক্য পাঠ কৰোৱা হয়৷ জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাই জনাই যে, ১৯ বছৰ অনুৰ্দ্ধ আৰু উৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ মুঠ চাৰিটা শাখাত অনুষ্ঠিত কাবাদী প্ৰতিযোগিতাৰ প্ৰতিটো শাখাতে অসমৰ প্ৰতিখন জিলাৰ দলে ভাগ লৈছে৷ ৭ মাৰ্চলৈ খেলসমূহ অনুষ্ঠিত হ’ব৷ প্ৰায় দুহেজাৰ খেলুৱৈয়ে প্ৰতিযোগিতা খনত ভাগ লৈছে৷

Leave A Reply