ডিৰাক সীমান্ত, ৮ ডিচেম্বৰ: অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰত ডিৰাক আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় মুকুটা দহোটীয়া সোঁৱৰণী “ডিৰাক ৰিজ’নেল কাপ-২০২০” ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আছে । আজি “ডিৰাক ৰিজ’নেল কাপ-২০২০” ৰ খেল ডিৰাক পাৱৈ এফ:চি: আৰু কচুডুপ বজালতলি এফ:চি: মাজত অনুষ্ঠিত হয় । কচুডুপ বজালতলি এফ:চি: দলে ডিৰাক পাৱৈ এফ:চি: দলক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । কচুডুপ বজালতলি এফ:চি: দলৰ হৈ খেলৰ প্রথমাৰ্ধৰ ৩০ মিনিটত পলাশ জ্যোতি মৰাণে আৰু দ্বিতীয়াৰ্ধৰ ৫ মিনিটত সুৰেল ঘাটোৱাৰে একোটাকৈ গ’ল দি দলক বিজয়ী সাব্যস্ত কৰে । খেল পৰিচালনা কৰে পাপু হাজৰিকাই, লাইনত সহায় কৰে টিক্ষেশ্বৰ চেতিয়া, বিপুল হাজৰিকা আৰু চতুৰ্থত সহায় কৰে প্ৰণৱ ফুকনে । বুধবাৰে খেল ডিৰাক আঞ্চলিক এফ:চি: আৰু পি:ৱাই:এফ:চি: মাজত অনুষ্ঠিত হ’ব ।
Breaking
- ১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান ভাৰতত
- বটদ্ৰৱা থানত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ কাৰ্য্যসূচী উন্মোচন
- গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন
- দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম
- নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
- কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত
- চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক
- পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)
- BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি
- কা’ৰ প্ৰতিলিপি দাহেৰে ডিমৌত আছু’ৰ ক’লা পাতাকা লৈ উত্তাল প্ৰতিবাদ