Breaking

কাহিকুছিৰ এছআইআৰডি কোভিড চেন্টাৰত প্ৰতিবাদ

0 1,192

উদালিত কোভিড চিকিৎসক ডা: সেউজ সেনাপতিৰ ওপৰত চলা নিৰ্মম আৰু বৰ্বৰ আক্ৰমনৰ প্ৰতিবাদত সমগ্ৰ অসমতে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল প্ৰতিবাদমুখৰ হৈ পৰিছে। এগৰাকী চিকিৎসকৰ ওপৰত বহুকেইগৰাকী ব্যক্তিয়ে নিৰ্দয়ভাৱে জপিয়াই পৰা কাণ্ডৰ প্ৰতিবাদত আজি ভিন্ন স্থানৰ চৰকাৰী বেচৰকাৰী চিকিৎসা কেন্দ্ৰ তথা হস্পিতালত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰাৰ লগতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্ত ২৪জনৰ কঠোৰতকৈয়ো কঠোৰ শাস্তিৰ দাবীত হাতত ফেষ্টুন লৈয়ো প্ৰতিবাদ কৰা দেখা যায়। কাহিকুছিৰ এছআইআৰডি কোভিড চেন্টাৰতো আজি সকলো চিকিৎসক,নাৰ্ছৰ পৰা আৰম্ভ কৰি ক্লিনাৰলৈকে সকলোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়। সমান্তৰালভাৱে কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত আৰু আজাৰাৰ চক্ৰ বিষয়াই চেন্টাৰটোত উপস্থিত হৈ নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰে।

Leave A Reply