Breaking

আৰ্থিক সংকটত ভুগিছে কৈহাটীৰ কামৰূপীয়া ঢুলীয়া শিল্পী

0 2,075

পশ্চিম নলবাৰী অঞ্চলৰ  কৈহাটীৰ কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ সৈতে জড়িত শিল্পী সকল সম্প্ৰতি ক’ৰণাকালিন পৰিস্হিতিৰ বাবে  ভীষণ  আৰ্থিক   সসমস্যাৰ সন্মুখীন হৈছে । উল্লেখ্য, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক কিম্বদন্তী শিল্পী মোহন ঢন্দ্ৰ বৰ্মন ( মোহন ভাইৰা )ৰ কামৰূপীয়া ঢুলীয়া দলৰ একাংশ শিল্পীয়ে এতিয়া ভয়াৱহ আৰ্থিক দৈন্যত ভুগি শেহতীয়াকৈ আনৰ ঘৰত দৈনিক মজদুৰী কৰিবলৈও বাধ্য হৈছে । লকডাউন সদৃশ পৰিস্থিতিৰ বাবেই সভা, মহোৎসৱ , পূজা-পাৰ্ব্বন আদি বন্ধ হৈ পৰাৰ ফলত এইসকল শিল্পীয়ে বিগত প্ৰায় দুটা বছৰে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰাত দৰিদ্ৰ ঢুলীয়া শিল্পীসকলৰ জীৱনলৈ স্বাভাবিক ভাবেই যেন নামি আহিছে অমানিশা । ইয়াৰ মাজতে, পৰহি  বিয়লি প্ৰায় ৪-৩০ বজাত নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত কল্পনা  ডেকাই কৈহাটীত উপস্থিত হৈ স্থানীয় ঢুলীয়া শিল্পীসকলৰ সৈতে মত বিনিময় কৰি খা-খবৰ লোৱাৰ লগতে শিল্পীসকলৰ পৰিয়ালৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় । বৰকৈহাটীৰ মদন মোহন গোঁসাইঘৰ প্ৰাংগণত এই উপলক্ষে সম্পন্ন হোৱা এক অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কৰুণাকান্ত ভড়ালীয়ে স্থানীয় ৰাইজৰ হৈ অতিৰিক্ত উপায়ুক্ত ডেকাক ফুলাম গামোচাৰে আদৰণি জনায় । অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী ভূপেন কুমাৰ দাস, সাংস্কৃতিক কৰ্মী – শিক্ষক নৃপেন দত্ত, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, উপ-সভাপতি দ্বীপেন মেনা, সমাজসেৱী ৰাজু ভূঞা, সাংবাদিক অতুল ভূঞা আদি উপস্থিত থাকে ।  তদুপৰি, অতিৰিক্ত উপায়ুক্ত ডেকাই জ্যেষ্ঠ ঢুলীয়া শিল্পী ৰমণী  দাসৰ( ভাইৰা ) বাসগৃহলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় । 

Leave A Reply