Breaking

কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ক শিক্ষা সংসদৰ প্ৰশংসা

0 67

ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ ওৰাঙত অৱস্থিত জিলাখনৰ অন্যতম মহাবিদ্যালয় হিচাপে পৰিচিত শিক্ষানুষ্ঠান হ’ল ওৰাং কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়। উক্ত মহাবিদ্যালয়খন যোৱা ১৯৮৮ চনতে ওৰাংবাসী ৰাইজৰ আপ্রাণ চেষ্টা, ৰাইজৰ অৰ্থ- শ্ৰম দানৰ ফলত প্ৰাণ পাই উঠা তথা ওদালগুৰি জিলাৰ লগতে পার্শ্ববর্তী শোণিতপুৰ জিলাৰ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই অহা একমাত্র মহাবিদ্যালয় হিচাপে পৰিচিত এই ওৰাঙত অৱস্থিত কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়খনে বহু উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

যোৱা ৩ডিচেম্বৰত বৃহত্তৰ ওৰাং অঞ্চলৰ অগ্ৰণী  শিক্ষানুষ্ঠান কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ উদ্দেশ্য  শিক্ষা সংসদৰ উপ পৰীক্ষা নিয়ন্ত্ৰক ডঃ লৱ ঠাকুৰীয়া  মহাবিদ্যালয় খনত  উপস্থিত  হয় ৷ পৰিদৰ্শনৰ সময়ত পৰীক্ষা নিয়ন্ত্ৰক গৰাকী পৰীক্ষা কেন্দ্ৰৰ বাবে মহাবিদ্যালয় খনত থাকিব লগীয়া পৰ্যাপ্ত সা সুবিধা সমূহ দেখি যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰি শলাগ লৈছে ৷ ইয়াৰ উপৰিও পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ  মামলু ৰাম ডেকাক লগত লৈ ওদালগুৰি জিলাৰ  অন্য স্থানৰ  পৰীক্ষা কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰিবলৈ যায়।

উক্ত পৰিদৰ্শন কালত কিছু সংখ্যক পৰীক্ষা কেন্দ্ৰৰ দূৰ্দশা দেখি ডঃ লৱ ঠাকুৰীয়াই যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰে ৷আৰু  কিছু সংখ্যক পৰীক্ষা কেন্দ্ৰ বাতিল কৰাৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত লৈছে ৷একে সময়তে কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ যোগাত্মক পৰিবেশ আৰু সুদক্ষ অধক্ষৰ লগতে প্ৰবক্তাসমূহ আৰু কৰ্মচাৰী সকলৰ সহযোগিতা দেখি পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ।

Leave A Reply