Breaking

আকৌ অখিল গগৈৰ কাষ চাপিল কমল কুমাৰ মেধি

0 2,033

কেইদিনমান আগত কংগ্ৰেছ দল ত্যাগ কৰা এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কালি ২১ ডিচেম্বৰ তাৰিখে ৰাইজৰ দলত যোগদান কৰে ।ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কাৰ্যালয়ত কমল কুমাৰ মেধিৰ লগতে বহু কংগ্রেছী কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে। কংগ্রেছৰ মিডিয়া চেলৰ উপাধ্যক্ষ বিনয় ডেকায়ো ৰাইজৰ দলত যোগদান কৰে কালিৰ দিনটোত ।

দলত যোগদান কৰি কমল কুমাৰ মেধিয়ে কয় যে, “বিজেপিয়ে জনবিৰোধী নীতি লোৱাৰ সময়ত নাগৰিক সমাজে নতুন দায়িত্ব লোৱাৰ সময় আহি পৰিছে। ইয়াৰ বিপৰীতে বিজেপি আৰএছ এছে ধৰ্মীয় মেৰুকৰণৰ পৰিৱেশ সৃষ্টি কৰাৰো অভিযোগ মেধিৰ। অখিল গগৈৰ লগত মতানৈক্য হৈ কৃষক মুক্তিৰ পৰা ওলাই যোৱাৰ কথা স্বীকাৰ মেধিৰ। কেৱল অখিল গগৈৰ নেতৃত্বতহে বিজেপিৰ বিকল্প ৰাজনৈতিক দল গঠন হোৱা সম্ভৱ বুলি উল্লেখ কমল কুমাৰ মেধিৰ।”

Leave A Reply