Breaking

আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কমলা হেৰিছ

0 53

আমৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত নতুন পৃষ্ঠাৰ সংযোজন কৰিলে ভাৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। দেশখনৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কমলা হেৰিছে। পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথমগাৰী মহিলা ৰূপে কমলা হেৰিছে ৰচনা কৰিলে ইতিহাস।

আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা ১ ঘণ্টাৰো অধিক সময়ৰ বাবে লাভ কৰিলে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। তেওঁ ১ ঘণ্টাৰো অধিক সময়ৰ বাবে হৈছিল আমেৰিকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি। দেশখনৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ অসুস্থাতৰা বাবেই এই ক্ষমতা লাভ কৰে কমলা হেৰিছে।জো বাইডেনৰ অসুস্থতাৰ হেতু তেওঁৰ চিকিৎসাৰ সময়ত প্ৰদান কৰা হৈছিল এনাস্থেছিয়া। এই এনাস্থেছিয়া দিয়াৰ বাবে অচেতন হৈ পৰিছিল ৰাষ্ট্ৰপতি বাইডেন। সেই বাবে মুঠ ১ ঘণ্টা ২৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা লাভ কৰিছিল উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে।

হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে, ৰাষ্ট্ৰপতি বাইডেনৰ ৭৯ বছৰীয়া জন্মদিনৰ পূৰ্বে নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত সাময়িকভাৱে বিয়লি ৩ বাজি ১০ মিনিটৰ পৰা ৪-৩৫ লৈ ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হৈছিল কমলা হেৰিছলৈ। এনদৰে এগৰাকী মহিলাই ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা ভোগ কৰা কাৰ্য আছিল আমেৰিকাৰ ইতিহাসত প্ৰথম ঘটনা।

Leave A Reply