Breaking

মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰৰ সত্ৰাধিকাৰৰ বিষয়ে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য দি আৰক্ষীৰ জালত কমলাকান্ত বৰা

0 1,681

সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিহ্যমণ্ডিত  সত্ৰৰ এগৰাকী সত্ৰাধিকাৰক লৈ অলপতে  কমলাকান্ত বৰা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাত সমগ্ৰ মাজুলীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।পূজ্যপাদ সত্ৰাধিকাৰ সকলৰ অমূল্য অৱদান আৰু মাজুলীৰ সত্ৰীয়া আদৰ্শক হেয় পতিপন্ন কৰা এনে অশোভনীয় প্ৰচাৰে সমগ্ৰ অসমতে এক আলোড়নৰ সৃষ্টি কৰিছে।মাজুলীৰ বিভিন্ন দল-সংগঠনে এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কমলাকান্ত বৰা যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ ওপৰত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে সামাজিক মাধ্যমৰ ব্যৱহাৰিক দিশৰ ওপৰতো আৰক্ষীক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছিল।ইতিমধ্যে ব্যক্তিজনৰ ওপৰত  সত্ৰৰ মুক্তিয়াৰ ৰিংকু মণি দত্তই মাজুলীৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত কমলাকান্ত বৰাক গুৱাহাটীত কৰায়ত্ব কৰি মাজুলী থানালৈ আনি সোধা-পোছা কৰে। অভিযুক্ত বৰাই ‌‌‌‌‌‌‌‌নিজৰ দোষ স্বীকাৰ কৰি অনুশোচনা  কৰা বিষয়ে আৰক্ষীক অবগত কৰে।আজি মাজুলী আৰক্ষী থানাৰ সভাকক্ষত মাজুলীৰ সংবাদ কৰ্মী, বিভিন্ন  সত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ প্ৰতিনিধি, মাজুলী জিলা সাহিত্য সভা,অসম জাতীয়তাবাদী যুবছাত্ৰ পৰিষদ, মাজুলী জিলা ছাত্ৰ সন্থা, মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি আৰু এইক্ষেত্ৰত এজাহাৰ দাখিল কৰোতা ৰিংকুমনি দত্ত কৰে ধৰি স্থানীয় ৰাইজৰ ওচৰত কমলাকান্ত বৰাই ক্ষমা-ভিক্ষা কৰে। তেওঁৰ কৃত কৰ্মৰ বাবে অনুতপ্ত বুলি স্বীকাৰ কৰি মাজুলীৰ সত্ৰানুস্থান, সত্ৰাধিকাৰ আৰু মাজুলী বাসীক ক্ষমা কৰিবলৈ নিবেদন জনায়। এইভুল সামাজিক মাধ্যমত স্বীকাৰ কৰাৰ উপৰিও এনে ধৰণৰ মন্তব্য নিদিবলৈ আহ্বান জনাবলৈ প্ৰতিশ্ৰুতি দিয়ে। পিছত আৰক্ষীৰ ওচৰত  এখন লিখিত প্ৰতিশ্ৰুতি দিয়াত বৰাক মুক্ত কৰি দিয়ে।উল্লেখযোগ্য যে সত্ৰাধিকাৰ গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাজুলীবাসীয়ে আশাকৰা মতে মাজুলীত বিধায়ক হিচাবে থাকিবলৈ আহ্বান জনাই তেওঁৰ কৰ্মৰাজিৰ বিষয়ে অবলোকন কৰি  মহাভাৰতৰ ‘ভীষ্মৰ’ লগত তুলনা কৰি বক্তব্য প্ৰদান কৰাৰ বাবে  ফেচবুকত বৰাই অশোভনীয় মন্তব্য কৰিছিল। বৰাৰ মন্তব্যক সমৰ্থন কৰি অশোভনীয় মন্তব্য কৰিছিল ক্ৰমে- প্ৰাঞ্জল কুমাৰ মহন্ত, মনালিছা গগৈ, ৰঞ্জিৎ হাজৰিকা,ৰূপ গোস্বামী,অলকেশ শইকীয়া,শুভলক্ষ্মী দত্ত,গীতালি কেওট, ৰমেন গোস্বামী, ইন্দ্ৰ মোহন শইকীয়া আদি আৰু সহযোগী সকলে। সামাজিক মাধ্যমত গুৰু-গোঁসাই নমনা এনে কিছুমান লোকে অসমত এক অশুভ পৰম্পৰা সৃষ্টি কৰাৰ বাবে এতিয়া নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে । এই ক্ষেত্ৰত মাজুলীৰ নবনিযুক্ত জিলা আৰক্ষী বিষয়া গৌতম বৰাৰ তৎপৰতাত সত্ৰসমূহৰ লগতে মাজুলীৰ বিভিন্ন দল সংগঠনে  সন্তোষ প্ৰকাশ কৰি সমাজখন সুস্থিৰ কৰি ৰখাৰ বাবে আৰক্ষী বিষয়া গৰাকীয়ে লোৱা পদক্ষেপক আদৰণি জনাইছে।

Leave A Reply