Breaking

কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত

0 2,314

উত্তৰ-পূব ভাৰতৰ বৃহত্তৰ সামাজিক-সাংস্কৃতিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য পদবীত পুনৰ অধিষ্ঠিত হৈছে কমলাকান্ত গগৈ। বৰ্তমানেও শংকৰ দেৱ সংঘৰ পদাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গগৈয়ে আজি নগাঁওস্থিত সংঘৰ মুখ্য কাৰ্যালয়ত হোৱা ভোট গণনাত ১ হাজাৰৰো অধিক ভোটত জয়ী হয় ।

উল্লেখযোগ্য যে এইবাৰ পদাধিকাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত গোলাঘাট জিলা শাখাৰ পবিত্ৰ প্ৰাণ বৰা আৰু মৰিগাঁও জিলা শাখাৰ ডাঃ পুনিৰাম পাটৰো অৱতীৰ্ণ গৈছিল যদিও বৃহত্তৰ সংগঠনটোৰ অধিকাংশ সদস্যই পুনৰ ডিব্ৰুগড় জিলা শাখাৰ কমলাকান্ত গগৈকে সভাপতি হিচাপে নিৰ্বাচন কৰে।

শংকৰী কলা-সংস্কৃতিৰ সাধক কমলাকান্ত গগৈয়ে বিগত বহুবছৰ ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে একনিষ্ঠভাৱে সেৱা আগবঢ়াই আহিছে। আজি নগাঁও চহৰত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত কমলাকান্ত গগৈক নতুন পদাধিকাৰ হিচাপে ঘোষণা কৰে সংগঠনটোৰ প্ৰধান সম্পাদক বাবুল বৰাই। আনহাতে, এই সংবাদমেলতে বাবুল বৰাই বিগত ১ বছৰে কোৰোণাৰ বাবে স্থবিৰ হৈ পৰা সংগঠনটোৰ কাম-কাজ পুনৰ গতিশীল কৰা হ’ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Leave A Reply