কামৰূপ মহানগৰ( ১৭ বছৰ অনুৰ্দ্ধৰ আন্ত:বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

কামৰূপ মহানগৰ( ১৭ বছৰ অনুৰ্দ্ধৰ আন্ত:বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাৰ আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতা ৪ আৰু ৫ জুলাইত উলুবাৰীস্থিত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় । প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী আৰু যোগাযোগ বিষয়া বিধান দাস উপস্থিত থাকে ।

কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰ্বমুঠ ১৮ খন বিদ্যালয় আৰু ছোৱালীৰ শাখাত ৬ খন বিদ্যালয়ৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত ১০ খন বিদ্যালয়ে অংশগ্ৰহণ কৰে । ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দিছপুৰ একাডেমী বিদ্যালয়ক ৫-৩ গ’লত ব্যৱধানত পৰাস্ত কৰে ।

আনহাতে দিছপুৰ একাডেমীৰ ৫ নম্বৰ জাৰ্চী পৰিহিত অৰচিম হাঞ্চে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । তদপুৰি ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ে নৰকাসুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে । বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ।আনহাতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাৰ আদৰ্শ জাতীয় বিদ্যালয়ে ড° ৰাধাকৃষ্ণণ একাডেমীক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে আৰু আদৰ্শ জাতীয় বিদ্যালয়ৰ ১০ নম্বৰ জাৰ্চী পৰিহিত পৰশ প্ৰধানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ।

উল্লেখযোগ্য যে উক্ত বিজয়ী বিদ্যালয় কেইখনে আগন্তুক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া ক্ৰমে দেউকন, পিলিক চৌধুৰী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃ জিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰিব । আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ আৰু প্ৰাক্তন শাৰীৰিক নিৰ্দেশক তথা আৰু ক্ৰীড়া সংগঠক গীতেশ ধৰ উপস্থিত থাকে।

Related Articles