Breaking

হাজোত কামৰূপ জিলা দিৱস উদযাপন

0 31

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শনিয়াদী পঞ্চায়তৰ কাৰ্যলয়ত দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন কৰা হ’য়। সেই অনুসৰি পুৱা যোগা, বৃক্ষ ৰোপন,স্বচ্ছতা অভিযান, চাইকেল যাত্ৰা,কণ কণ শিশুসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা ইত্যাদিৰে বিভিণ্ণ কাৰ্যসূচীৰে উলহ- মালহৰে উদযাপন কৰা হ’য় কামৰূপ জিলা দিৱস।ইয়াৰ লগতে এখনি সজাগতামূলক সভা অনুষ্ঠিত হ’য় । সভাৰ সভাপতিত্ব কৰে শনিয়াদী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে। সভাত উদ্দেশ্য বাখ্যা কৰে পঞ্চায়ত সচিব কিশোৰ কুমাৰ ডেকাই, লগতে আজিৰ সভাত সমাজত বিশেষভাৱে পাৰদৰ্শিকতা দেখুওৱা অৱসৰী শিক্ষয়ত্ৰী ৰাবিয়া বেগম,বিশিষ্ট শিক্ষক চমচেৰ আলী, গোল্ড মেডেলিষ্ট তৰা বেগমৰ সাহস আৰু পাৰদৰ্শিকতাক সন্মান জনাই তেওঁলোকক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হ’য় ।

সভাত চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়নৰ ক্ষেত্ৰত গঠনমূলক বক্তৃতা প্ৰদানৰ লগতে প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী আৱাসগৃহ গ্ৰহনৰ নামত যাতে এটকাওঁ দিব নালাগে সেই বিষয়ে সৱলভাৱে অৱগত কৰায় পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে। তদুপৰি ড্ৰাগছ,নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে সবল নেতৃত্বৰে এখনি সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত সমাজৰ প্ৰত্যোক গৰাকী ব্যক্তিকে আগভাগ লবলৈ আহ্বান জনায় পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে।আজিৰ সভাত আমানুৰ ৰহমান,আব্দুল আলীকে প্ৰমূখ্য কৰি অৰ্ধ শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply