Breaking

কামৰূপ জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত।’হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সফল ৰূপায়ণ সম্পৰ্কত বিস্তৃত আলোচনা…

0 1,568

কামৰূপ জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ অধ্যক্ষতাত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া তথা বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰা উক্ত বৈঠকত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পালন কৰিবলগীয়া ‘’হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ ৰূপৰেখা প্ৰস্তুত কৰা হয়। তদুপৰি উক্ত বৈঠকতে তেজপুৰত অনুষ্ঠিত হোৱা উপায়ুক্ত সকলৰ বৈঠকত প্ৰদান কৰা আৰু জিলাৰ বিভিন্ন বিভাগে ৰূপায়ণ কৰিবলগীয়া বিভিন্ন আঁচনি সম্পৰ্কতো আলোচনা কৰা হয়।


বৈঠকত উন্নয়ন বিভাগ সমূহে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি সম্পৰ্কতো পৰ্যালোচনা কৰা হয়। বৈঠকত উপস্থিত থাকি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কাকতিয়ে জিলা পৰ্যায়, মহকুমা পৰ্যায়, খণ্ড উন্নয়ন পৰ্যায় তথা নগৰ পৰ্যায়ৰ সমিতি সমূহে এই ক্ষেত্ৰত সজাগতাকে ধৰি সকলো কাৰ্যসূচী গ্ৰহণ কৰি থকা বুলি জনায়। ইতিমধ্যে জিলাখনৰ জিলা উপায়ুক্ত কাৰ্যালয়কে ধৰি বিভিন্ন উন্নয়ন খণ্ডত সৰ্বমুঠ ৮১ টা জাতীয় পতাকা বিপণন কেন্দ্ৰ মুকলি কৰা হৈছে বুলি তেওঁ জনায়।


বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক আত্মসহায়ক গোট সমূহে প্ৰস্তুত কৰা পতাকা ক্ৰয় কৰাৰ বাবে আহ্বান জনোৱাৰ উপৰি চৰকাৰৰ পৰা অহা পতাকা সমূহ সুলভ মূল্যৰ দোকানত উপলব্ধ কৰোৱাৰ ব্যৱস্থা লোৱাৰ বাবে যোগান বিভাগৰ উপ-সঞ্চালক গৰাকীক নিৰ্দেশ দিয়া হয়। উল্লেখ্য যে চৰকাৰে ইতিমধ্যে ১৮ টকাকৈ ইয়াৰ দৰ নিৰ্ধাৰণ কৰিছে যাতে দুখীয়া শ্ৰেণীৰ জনসাধাৰণেও এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিব পাৰে। ইয়াৰ বাবে এইবাৰৰ অৰুণোদয় আঁচনিৰ ধনৰাশিৰ লগত ১৮ টকাকৈ যোগ দি ইয়াৰ পৰিমাণ ১০১৮ টকা ৰাজ্য চৰকাৰে কৰিছে।বৈঠকত উপায়ুক্ত কীৰ্তি জল্লীয়ে এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলোকে সহায়-সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।

Leave A Reply