Breaking

অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ৬ টা স্বৰ্ণসহ মুঠ ১৯ টা পদকৰে কামৰূপ জিলাৰ চমকপদ প্ৰদৰ্শন

0 18

২১-২৪ ডিচেম্বৰত গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত অসম অলিম্পিক সন্থাৰ পঞ্জীয়নভুক্ত সদৌ অসম কাৰাটে সন্থাৰ দ্বাৰা আয়োজিত “অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা” ২০২৩_ত কামৰূপ জিলাই মুঠ ১৯ টা পদক অৰ্জন কৰিছে । এই পদকৰ ভিতৰত ৬ টা সোণ, ১ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদক । কামৰূপ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ কামৰূপ জিলা কাৰাটে সন্থাৰ হৈ সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে – ময়দুল হাছান (হাজো), মানৱ বৈশ্য (আজাৰা), তনয়া নাথ (আজাৰা), ৰাজদ্বীপ কলিতা (শুৱালকুছি), ৰাজদ্বীপ ৰাভা (ছয়গাঁও) সোণমণি ৰাভা (ছয়গাঁও) ।

ৰূপৰ পদক লাভ কৰে হাজোৰ হৃষিতা দাসে । আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে নিহাৰ দাস (হাজো), হিয়াশ্ৰী দাস (হাজো), হীৰক দাস (হাজো), সাগৰ গৌতম দাস (হাজো), পৰিণিতা কলিতা, প্ৰত্যাক্ষা কলিতা, মঞ্জিষ্ঠা কলিতা (পলাশবাৰী) প্ৰজ্ঞান ঠাকুৰীয়া (জালুকবাৰী), ৰাজদ্বীপ দাস (আজাৰা) আৰু ভাস্বতী মহন্তই( দমদমা) । লʼৰাৰ জুনিয়ৰ দলীয় কাটা, ছোৱালীৰ দলীয় কাটাত ব্ৰঞ্জৰ পদক লাভ কৰে কামৰূপ জিলাই । দলীয় শাখাত পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে – সমুজ্বল হাজৰিকা, প্ৰাণজিৎ দাস, দীপমণি বেজবৰুৱা, গায়ত্ৰী ভূঞা, বৰ্ষা কুমাৰী আৰু টনু স্বামী । পদক বিজয়ী আটাইকেইগৰাকী খেলুৱৈক কামৰূপ জিলা কাৰাটে সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছে । এই বাতৰি প্ৰেৰণ কৰিছে কামৰূপ জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক ৰূপক ৰাজবংশীয়ে।

Leave A Reply