Breaking

কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ সভা…

0 1,029

কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ চলিত বৰ্ষৰ প্ৰথমখন সভা কালি বুধবাৰে অনুষ্ঠিত হৈ যায়৷ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত পৰিবহন, আৰক্ষী, ৰাষ্ট্ৰীয় ঘাইপথ, স্বাস্থ্য, শিক্ষা, লোক নিৰ্মাণ, খাদ্য-অসামৰিক যোগান, তথ্য আৰু জনসংযোগ আদি বিভাগৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে৷ জিলা পৰিবহন বিষয়া তথা জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব ৰূপজ্যোতি কলিতাই তেওঁৰ আদৰণি ভাষণত পথ সুৰক্ষা সমিতিৰ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি জিলাখনত যোৱা দুটা মাহত হোৱা দুৰ্ঘটনা সম্পৰ্কত যোৱা বছৰৰ তথ্য উপস্থাপনেৰে তুলনামূলক তথ্য দাঙি ধৰে৷ তেওঁ কয় যে যোৱা বছৰৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ তুলনাত চলিত বৰ্ষত যোৱা দুমাহত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে৷ যোৱা বছৰ জিলাখনত উল্লেখিত সময়ত ১৩৪টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল৷ এই দুৰ্ঘটনাসমূহত মৃত্যু আৰু আঘাতপ্ৰাপ্তৰ সংখ্যা আছিল ক্ৰমে ৫২ আৰু ৯৪৷ আনহাতে চলিত বৰ্ষত যোৱা দুমাহত জিলাখনত দুৰ্ঘটনাৰ সংখ্যা ৯০টালৈ হ্ৰাস পোৱাৰ উপৰি এই দুৰ্ঘটনাত মৃত্যু হোৱা আৰু আঘাতপ্ৰাপ্ত লোকৰ সংখ্যাও ক্ৰমে ৩৫ আৰু ৭৬ লৈ হ্ৰাস পায়৷

চলিত বৰ্ষত যাতে দুৰ্ঘটনাৰ এই নিম্নগামী ধাৰা অটুট ৰাখি জিলাখনত দুৰ্ঘটনাৰ সংখ্যা অভূতপূৰ্বভাৱে কমাব পাৰি তাৰ বাবে তেওঁ সংশ্লিষ্ট সকলোৰে সক্ৰিয় সহযোগিতা কামনা কৰে৷ সভাত চাংসাৰিত থকা ভাৰতীয় খাদ্য নিগমৰ গুদাম ঘৰৰ পাৰ্কিং সমস্যা সমাধানৰ বাবে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তৰ উপস্থিতিত নিগমৰ প্ৰৱন্ধক,  ট্ৰাক সন্থাৰ সভাপতি-সম্পাদক আৰু পাৰ্কিং স্থাপন কৰিবলৈ আগবাঢ়ি অহা আগ্ৰহী লোকৰ সৈতে তৎকালীনভাৱে বৈঠক অনুষ্ঠিত কৰি বিষয়টো সন্দৰ্ভত এক স্থায়ী সমাধান উলিয়াবলৈ অতিৰিক্ত উপায়ুক্ত গোস্বামীয়ে নিৰ্দেশ দিয়ে৷ আনহাতে আমিনগাঁও উৰণীয়া সেতু পাৰ হৈ চাংসাৰিৰ ফালে আগবাঢ়ি যোৱা পথত ৰাইজৰ সুবিধাৰ্থে পথ পাৰ হ’ব পৰা (Road crossing)ৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই বিষয়ে অধ্যয়ণ কৰি ১৫ এপ্ৰিলৰ আগতে জনাবলৈ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক নিৰ্দেশনা দিয়া হয়৷

তদুপৰি বাইহাটা চাৰিআলিলৈকে এই সমগ্ৰ পথছোৱা পৰিষ্কাৰ কৰাৰ ব্যৱস্থা ল’বলৈও আহ্বান জনোৱা হয়৷ দুৰ্ঘটনা অনুসন্ধানৰ অৰ্থে উত্তৰ আৰু দক্ষিণ কামৰূপৰ বাবে গঠিত কমিটি দুখনক দুৰ্ঘটনা সম্পৰ্কত নিয়মীয়াভাৱে প্ৰতিবেদন দাখিল কৰিবলৈও এই সভা যোগে নিৰ্দেশনা দিয়া হয়৷ আনহাতে জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথৰ দাঁতি-কাষৰীয়া বিদ্যালয়-মহাবিদ্যালয়সমূহৰ ওচৰত পথ চিহ্ন আঁৰিবৰ বাবে শিক্ষা প্ৰতিষ্ঠানৰ তালিকা এখন জমা দিবলৈ জিলা বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশনা দিয়া হয়৷ ইয়াৰ উপৰি ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে দুৰ্ঘটনা হোৱাৰ লগে লগে সহায় আগবঢ়োৱা ব্যক্তিক পুৰস্কৃত কৰাৰ অৰ্থে প্ৰৱৰ্তন কৰা Good Samaritan Cash Incentive Award ৰ বাবে ব্যক্তি বাচনি কৰিবলৈ এই সভাতে জিলা সমিতিখন গঠন কৰা হয়। 

Leave A Reply