Breaking

ক্ৰিকেট খেলত কামৰূপ উকীল সন্থা শ্ৰেষ্ঠ…

0 18

কামৰূপ ন্যায়িক বিষয়া ও কৰ্মচাৰী একাদশ আৰু উকীল সন্থা, কামৰূপৰ মাজত আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় । তীব্ৰ উত্তেজনাপূৰ্ণ ক্ৰিকেট খেল খনত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে উকীল সন্থা , কামৰূপে ।

তীব্ৰ উত্তেজনা মূলক খেল খনত প্ৰথম বেট ধৰি উকীল সন্থাই নিৰ্ধাৰিত পোন্ধৰ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৪৭ ৰাণ কৰিবলৈ সক্ষম হয় । উকীল সন্থাৰ হৈ মহ: আলী জিন্নাই সুন্দৰ খেল প্ৰদৰ্শন কৰি ৫০ ৰাণ কৰে । ইফালে, ন্যায়িক বিষয়া ও কৰ্মচাৰী একাদশে নিৰ্ধাৰিত ১৫ অভাৰত ৮ উইকেট হেৰুৱাই ১৪০ ৰাণ কৰিবলৈ সক্ষম হয় ।

ন্যায়িক একাদশৰ হৈ গুণিন দাসে সৰ্বাধিক ৪ টা উইকেট লাভ কৰে । প্ৰতিযোগিতা খনত শ্ৰেষ্ঠ ফিল্ডাৰৰ খিতাপ অৰ্জন কৰে ন্যায়িক বিষয়া পল্লৱ বৰদলৈয়ে । কামৰূপ ন্যায়িক বিষয়া ও কৰ্মচাৰী সন্থাৰ হৈ ন্যায়িক বিষয়া গৌতম বৰুৱা,অভিজিৎ বৰুৱা,অনিল বাচফৰ,পল্লৱ বৰদলৈয়ে বেট আৰু বলে সুন্দৰ খেল প্ৰদৰ্শন কৰে ।

Leave A Reply