Breaking

কামৰূপ,গোৱালপাৰাৰ সীমামূৰীয়া দুখন গাঁৱৰ শতাধিক বাঁহ শিল্পীৰ স্তব্ধ জীৱন জীৱিকা, সাপ্তাহিক বজাৰ বন্ধই অন্ধকাৰ নমাই আনিছে ডেৰ শতাধিক পৰিয়াললৈ

0 1,527

 গোৱালপাৰা জিলাৰ সীমামূৰীয়া পূৱ গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত কমাৰ পথাৰ গাঁৱৰ নয়াপাৰা আৰু তেলিপাৰাৰ দুখনকৈ চুবুৰীত বসবাস কৰা  প্ৰায় ডেৰ শতাধিক পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা। চুবুৰী দুখনৰ লোক সকলৰ সাতামপুৰুষীয়া বাঁহ শিল্পৰ লগত জড়িত প্ৰতি ঘৰ মানুহ। কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে চুবুৰীটোৰ প্ৰতিটো পৰিয়ালৰ মুখৰ পৰা হাঁহি কাঢ়ি নিয়া পৰিলক্ষিত হৈছে ।পুৱাৰে পৰা নিশালৈকে চুবুৰীৰ প্ৰতিটো পৰিয়ালে বাঁহ শিল্পৰ কৰ্মত ব্যস্ত থাকে । বাঁহেৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি জীৱন জীৱিকা চলায় প্ৰতিটো পৰিয়ালে। কিন্তু ক’ৰোনাৰ দ্বিতীয় ঢৌত ক’ভিড সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাত জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ সমুহ বন্ধ কৰি দিয়াত স্তব্ধ হৈ পৰিছে তেওঁলোকৰ জীৱন জীৱিকা। বিক্ৰী কৰিব নোৱাৰাত দমে দমে জমা হৈছে  ঢাৰি, বিচনি, ডুলি আদি বাঁহৰ সামগ্ৰীবোৰ। বাঁহৰে তৈয়াৰ কৰা উক্ত সামগ্ৰী সমূহ বিক্ৰী কৰিব নোৱাৰাত অসহায় হৈ পৰিছে এই পৰিয়াল সমূহ যাৰ ফলত আজি তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাতো  অসমৰ্থ হৈ পৰিছে।কৰ’ণাৰ কালৰ এই দীঘলীয়া বন্ধৰ বাবে বাঁহ শিল্প কৰ্মৰ লগত জড়িত পৰিয়াল সমুহৰ জীৱন জীৱিকা কঠিন হৈ পৰিছে। বাঁহ শিল্প কৰ্মৰে জীৱন নিৰ্বাহ কৰা  চুবুৰীটোৰ প্ৰতিটো পৰিয়ালক কৰ’ণা কালত বিশেষ ভাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে চুবুৰীটোৰ লোক সকলে।

Leave A Reply