Breaking

পৰ্য্যটকৰ আৰ্কষণ কেন্দ্ৰবিন্দু কনকা ভিলেজ ৰিজৰ্ট, গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা

0 477

ওদালগুৰিৰ নব কুমাৰ ডেকাৰ ডেকাৰ প্ৰতিবেদনঃ যি সময়ত ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ যুৱক সকলে কৰ্ম সংস্থাপনৰ বিচাৰি বহি ৰাজ্যলৈ ঢাপনি মেলিছে তেনে সময়তে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিলৈ এটা নতুন জাগৰণ আনিবলৈ সক্ষম হৈছে এখন ভিলেজ ৰিজৰ্টে। বিকল্প গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তৈয়াৰৰ বাবে ওদালগুৰি-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী হুগ্ৰাজুলিৰ পাঁচনৈ গাওঁত এদল শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন আকৰ্ষণীয় ৰিজ’ৰ্ট। কনকা ভিলেজ ৰিজ’ৰ্ট নামেৰে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিষ্ঠা লাভ কৰা ৰিজৰ্টখনলৈ বৰ্তমান বৃদ্ধি পাই আহিছে পৰ্যটকৰ সংখ্যা। ৰিজৰ্ট খনত ৰাজ্য তথা দেশৰ লগতে ইউ.কে., আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, পোলেণ্ড, টাইৱান, ফ্ৰান্স, ব্ৰাজিল, নেডাৰলেণ্ড, লণ্ডন, চীন ,ইউ.এ.ই আদি বিভন্ন দেশৰ পৰা পৰ্যটকৰ আগমন হোৱা দেখা যায়। গুৱাহাটী মহানগৰীৰ পৰা ১৩৫ কিল’মিটাৰ দূৰত্বত ওদালগুৰি-শোণিতপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাজুলিৰ পৰা উত্তৰে প্ৰায় ১৬ কিল’মিটাৰ দূৰৈত পাঁচনৈ গাওঁৰ এক নিভাজ গ্ৰাম্যাঞ্চল পৰিৱেশৰ মাজত অৱস্থিত কনকা ভিলেজ ৰিজ’ৰ্ট’ৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই প্ৰতিজন পৰ্যটকক হাত বাউলি দি মাতি আহিছে৷

যান্ত্ৰিক জীৱনৰ পৰা আতৰি এক নিভাজ গ্ৰাম্যাঞ্চলৰ পৰিৱেশত দেশী-বিদেশী পৰ্যটকে উপভোগ কৰিব পৰা সকলো উপাদানে আছে কনকাত৷ এখন অসমীয়া গাওঁৰ ঘৰত থকা বাটচৰাৰ পৰা আৰম্ভ কৰি খেৰি ঘৰ, পাকঘৰ, ফুলৰ বাগিচা, চাহ বাগিচা তথা গছৰ মুঢ়াৰ চকী-মেজ ইত্যাদি সকলোৰে অভিজ্ঞতা পৰ্যটকসকলে সহজে উপভোগ কৰিব পৰাকৈ ৰিজৰ্ট খন সাজি উলিয়াইছে কনকা ৰিৰ্জট কতৃপক্ষই। কন-কন শিশুহতঁৰ বাবে খেল-ধেমালিৰ উদ্যান, নাও চলোৱা, বৰশী বোৱা ইত্যাদিৰ আনন্দও উপভোগ কৰাৰ সুবিধাও আছে ৰিজৰ্ট খনত। ৰিজ’ৰ্টখনৰ সন্মুখৰ প্ৰায় প্ৰতিজোপা তামোলৰ গছত ফুলি থকা কপৌ ফুলৰ দৃশ্যই সকলোৰে মন স্পৰ্শ কৰি যায়। কনকা ৰিজ’ৰ্টত কলপাতত দিয়া টোপোলা ভাত, খৰিকাৰ লগতে প্ৰতিবিধ থলুৱা খাদ্যই তাহানিৰ গাওঁ অঞ্চলৰ থলুৱা খাদ্যৰ স্মৃতি সোৱৰাই আনে সকলোকে। বৰ্তমান প্ৰায় একেলগে ২০ জনকৈ লোকে নিশা কটোৱাৰ সু-ব্যৱস্থা আছে যদিও পৰৱৰ্তী সময়ত পৰ্যটকৰ আগমণৰ ওপৰত লক্ষ্য ৰাখি ইয়াক বৃদ্ধি কৰা হব বুলি জনিবলৈ দিয়ে ৰিৰ্জট কতৃপক্ষই। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ ৰিজ’ৰ্টখনতে প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ কথা উল্লেখ কৰি পৰ্যটকসকলক কলপাতত আহাৰ পৰিৱেশন কৰে বুলি জানিবলৈ দিয়ে ৰিজৰ্ট খনৰ মুখ্য পৰিচালক অনন্ত নাথে৷ কনকা ৰিজ’ৰ্টখনতেই কাম কৰি পাঁচনৈ গাওঁৰ প্ৰায় ৫০টাকৈ পৰিয়ালৰ জীৱন-জীৱিকা চলাবলৈ সক্ষম হৈছে৷ আসামিকা এগ্ৰো প্ৰাইভেট লিমিটেডৰ অধীনত আৰম্ভ হোৱা ৰিজ’ৰ্টখনৰ পৰিচালক সঞ্চালকৰ পদত মনময়ুৰী দেৱী আৰু সঞ্চালক অনন্ত কুমাৰ নাথ কৰ্মৰত৷

স্থানীয় দুখীয়া লোকসকলক জীৱিকাৰ বাট তথা এখন অতি পিছপৰা ভিতৰুৱা অঞ্চলতো যে পৰ্যটনৰ সম্ভাৱনা থকা ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই লক্ষ্যৰে প্ৰায় ৬৫ বিঘা ভূমিৰে আগুৰা অঞ্চলত মুকলি কৰা হয় কনকা ৰিজ’ৰ্টখন। অৱশ্যে বৰ্তমান সমগ্ৰ ভূমি ৰিজ’ৰ্টখন নিৰ্মাণত ব্যৱহাৰ হোৱা নাই যদিও ভৱিষ্যতে পৰিসৰ বৃদ্ধিৰ লক্ষ্য আগত ৰাখিছে ৰিজ’ৰ্টখনৰ পৰিচালকে৷ কোনো লোকে ৰিজ’ৰ্টখনলৈ আহি ইয়াৰ পৰিৱেশ উপভোগ কৰিবলৈ বিচাৰিলে আগটীয়াকৈ অনলাইনযোগে পঞ্জীয়ন কৰিব পাৰিব৷ পঞ্জীয়নৰ বাবে গৌৰৱ বৰা – মেনেজাৰ 9707749547 আৰু info@kanokavillageresort.com, www.kanokavillageresort.com বুকিং কৰিব পাৰিব বুলি কনকাৰ পৰিচালকে জনায়। প্ৰতিগৰাকী পৰ্যটকক নিজৰ ভ্ৰমণৰ অন্তত এখন অসমীয়া ফুলাম গামোচাৰে ধন্যবাদ জ্ঞাপন কৰা কাৰ্যক ব্যতিক্ৰমী পদক্ষেপ বুলি ৰিজৰ্ট খনত অহা পৰ্যটক সকলে জানিবলৈ দিয়ে। এতিয়া কংক্ৰিটৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে পৰ্যটকক সম্পূৰ্ণ গ্ৰামাঞ্চলৰ পৰিৱেশৰ মাজত নিজকে বিলীন কৰিবলৈ সুবিধা প্ৰদান কৰা কনকা ৰিজ’ৰ্টঅ খন হব গ্ৰাম্য অৰ্থনীতিৰ এক নতুন বিকল্প। গাঁওৰ অৰ্থনীতি মানে যে কেৱল খেতিয়েই নহয় এইয়া প্ৰমান কৰিছে ৰিজৰ্ট খনৰ লগত জড়িত প্ৰতিজন লোকে।

Leave A Reply