Breaking

অনন্যা পাণ্ডেক এনেদৰে ঠাট্টা-মস্কৰা কৰিলে কংগনাই, ভিডিঅ’ ভাইৰেল…

0 69

বলীউডৰ ষ্টাৰ কিডছক প্ৰায়ে ঠাট্টা কৰা দেখা যায় কংগনা ৰানাৱতে। এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ য’ত তেওঁ অনন্যা পাণ্ডেক ঠাট্টা-মস্কৰা কৰা দেখা গৈছে।কংগনা ৰানাৱত তেওঁৰ বক্তব্যক লৈ সদায় চৰ্চাত তাকে। এতিয়া শেহতীয়াকৈ কংগনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত কংগনাই চাংকি পাণ্ডেৰ কন্যা অনন্যা পাণ্ডেক ঠাট্টা কৰা দেখা গৈছে। এই ভিডিঅ’টোত কংগনাই অনন্যা পাণ্ডেক অনুকৰণ কৰি কপিল শৰ্মাৰ শ্ব’ত উপস্থিত হয় আৰু তেওঁক বলীউড বিম্বো বুলি অভিহিত কৰে।

এই ক্লিপটোত আয়োজক কপিল শৰ্মাই কংগনাক ‘বলী বিম্বো’ৰ অৰ্থ সুধিছিল। ইয়াৰ প্ৰত্যুত্তৰত নাম নোলোৱাকৈ অনন্যাক ঠাট্টা কৰা দেখা গ’ল। কেইটামান খণ্ড আগতে অনন্যাই প্ৰকাশ কৰিছিল যে তেওঁ জিভাৰে নাকৰ আগ অংশটো স্পৰ্শ কৰিব পাৰে আৰু ইয়াক ‘তাইৰ অন্যতম প্ৰতিভা’ বুলি অভিহিত কৰিছিল। অনন্যাক উপহাস কৰি কংগনাই কপিলক কয়, ‘যিসকলে এনে অভিনয় কৰিব পাৰে তেওঁলোক বলীউডৰ হিট।

Leave A Reply