Breaking

অনন্ত আম্বানী-ৰাধিকাৰ প্ৰাক্ বিবাহ অনুষ্ঠানত নৃত্য কৰা বলীউডৰ তাৰকাসকলক তীব্ৰ সমালোচনা কংগনা ৰাণাৱটৰ…

0 44

কংগনা ৰাণাৱটে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা কাহিনী শ্বেয়াৰ কৰিছে। কংগনাই প্ৰয়াত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ সৈতে নিজকে কেনেদৰে তুলনা কৰিছিল সেই বিষয়ে এটা দীঘলীয়া বৰ্ণনামূলক কাহিনী লিখিছে। কাহিনীটো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ তিনিদিনীয়া বিশাল বিবাহপূৰ্ব অনুষ্ঠানৰ পিছতে কংগনাই শ্বেয়াৰ কৰিছে। কংগনাই ডেক্কান হেৰাল্ডত প্ৰকাশিত এটা বাতৰি শ্বেয়াৰ কৰি লিখিছে , “তেওঁলোকে মোক ৫ মিলিয়ন দিলেও মই নাযাওঁ: লতা মংগেশকাৰেও বিয়াৰ অনুষ্ঠানত গান গাবলৈ অস্বীকাৰ কৰিছিল।” কংগনা ৰাণাৱটে নিজকে কিংবদন্তি গায়িকাগৰাকীৰ সৈতে তুলনা কৰি এনেদৰে লিখিছে। কংগনাই লগতে লিখিছে “মই অতি শোচনীয় বিত্তীয় বিপৰ্যয়ৰ মাজেৰে দিন পাৰ কৰিছো, কিন্তু লতা জী আৰু ময়েই মাত্ৰ দুগৰাকী ব্যক্তি যাৰ বহু হিট সৃষ্টি আছে (ফেশ্বন কা জলৱা, ঘানি বাউলি হো গয়ী, লণ্ডন থুমকদা, চাদি গলি, বিজয় ভৱা ইত্যাদি)।

কংগনাই আৰু লিখিছে, “কিন্তু যিমানেই প্ৰলোভন নাপাওঁ কিয়, মই কেতিয়াও বিয়াত নচা নাছিলো, বহু চুপাৰ হিট আইটেম গানো মোক আগবঢ়োৱা হৈছিল,মই পুৰস্কাৰ প্ৰদান অনুষ্ঠানবোৰো এৰাই চলিছিলো। খ্যাতি আৰু ধনক না ক’বলৈ শক্তিশালী চৰিত্ৰ আৰু মৰ্যাদাৰ প্ৰয়োজন’’। যিটো সময়ত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিশাল বিবাহপূৰ্ব অনুষ্ঠানটোৰ ছবিআৰু খবৰে সমগ্ৰ ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে সেই সময়তে কংগনাৰ এনে পোষ্টে আলোড়ণৰ সৃষ্টি কৰিছে।

উল্লেখ্য অনন্ত আম্বানী-ৰাধিকাৰ প্ৰাক্ বিবাহ অনুষ্ঠানত নৃত্য পৰিবেশন কৰাসকলৰ তালিকাখনত অমিতাভ বচ্চন, ৰজনীকান্ত, শ্বাহৰুখ খান, চলমন খান, আমিৰ খান, বিকি কৌশল, ৰাণী মুখাৰ্জী, কেটৰিনা কাঈফ, দীপিকা পাডুকন ৰণবীৰ সিঙৰ দৰে তাৰকাসকল আছে।সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী, চেইফ আলী খান, কৰীণা কাপুৰ, বৰুণ ধাৱান, অনিল কাপুৰ, চাৰা আলী খান, ইব্ৰাহিম আলী খান, অনন্যা পাণ্ডে, আদিত্য ৰয় কাপুৰ আৰু বলীউডৰ অন্যান্য বিশিষ্ট তাৰকাসকলেও সেই অনুষ্ঠানত এপাক নাচি সমবেত লোকসকলক আমোদ দিছিল।

Leave A Reply