Breaking

মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

0 2,032

বলিউদৰ প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰে দাখিল কৰা এটা মানহানিৰ গোচৰত অভিনেত্ৰী কংগনা ৰানাৱতক মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।এজন আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

অহা শুকুৰবাৰে অভিনেত্ৰী কংগনাক জুহু আৰক্ষীৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে বুলি আৰক্ষী বিষয়াজনে কয়।

উল্লেখ্য যে টেলিভিছনৰ এটা সাক্ষাৎকাৰত অভিনেত্ৰী কংগনাই জাভেদ আখতাৰৰ বিৰুদ্ধে আপত্তিজনক তথা ভিত্তিহীন মন্তব্য কৰা বুলি অভিযোগ তুলি যোৱা বছৰৰ নৱেম্বৰত আন্ধেৰী মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ ওচৰত অপৰাধিক অভিযোগ দাখিল কৰিছিল।

তেওঁ লগতে কয় যে যোৱা জুন মাহত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত টিভি সাক্ষাৎকাৰত বলিউদত ‘নেপ’টিজিম’ৰ কথা উল্লেখ কৰি কংগনাই জাভেদ আখতাৰৰ নামটো এই বিষয়ত টানি আনিছিল।

ইয়াৰ উপৰি ঋত্বিক ৰোছনৰ আৰু কংগনাৰ মাজত থকা সম্পৰ্কৰ বিষয়টো গাপ দি থবলৈ আখতাৰে অভিনেত্ৰীগৰাকীক হুমকি প্ৰদান কৰা বুলিও সাক্ষাৎকাৰটোত উল্লেখ কৰিছিল।

কংগনাৰ এই ভিত্তিহীন মন্তব্যই সমাজত জাভেদ আখতাৰৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অভিযোগ তুলি  অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

ইফালে ১৭ জানুৱাৰিত আদালতে এই গোচৰৰ তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষীক ১ ফেব্ৰুৱাৰিলৈ সময় নিৰ্ধাৰণ কৰি দিছিল।

Leave A Reply