Breaking

বিমানবন্দৰত মিঠাই বিতৰণ কংগনাৰ, মিঠাই বিতৰণ কাৰণ জানিলে আপুনিও সুখী হ’ব…

0 131

কংগনা ৰানাৱটক মুম্বাই বিমানবন্দৰত মিঠাই বিতৰণ কৰা দেখা গৈছিল। বিমানবন্দৰত ফটোগ্ৰাফাৰ আৰু ভিডিঅ’গ্ৰাফাৰসকলক তেওঁ মিঠাই বিতৰণ কৰে। কংগনা ৰানাৱত আজিকালি বহুত সুখী। ইমানেই সুখী যে শনিবাৰে নিশা তেওঁ মুম্বাইৰ ঘৰৰ পৰা উভতি আহি বিমানবন্দৰত মিঠাই বিতৰণ কৰিলে। আহাতে তেওঁৰ ছবি তেজস অহা শুকুৰবাৰে মুক্তিৰ বাবে সাজু, কিন্তু মিঠাই বিতৰণৰ কাৰণ বেলেগ।

আচলতে কংগনা শেহতীয়াকৈ পেহী হৈছে। নৱজাত ভতিজা অশ্বত্থামাক দেখি শনিবাৰে নিশা যেতিয়া মুম্বাইলৈ উভতি আহিছিল কংগনা, তেতিয়া বিমানবন্দৰত তেওঁৰ ফটো তুলি ভিডিঅ’ বনোৱা পাপাৰাজী সকলক মিঠাই বিতৰণ কৰিছিল। ছবি আৰু ভিডিঅ’ত মিঠাই বিতৰণ কৰাৰ সময়ত কংগনাই হাতেৰে ফটোগ্ৰাফাৰক মিঠাই খুৱাই থকাও দেখা যায়। মিঠাই বিতৰণ কৰি থাকোঁতে কংগনাৰ মুখত হাঁহি বিৰিঙি উঠিল।


Leave A Reply