Breaking

হিন্দু ধৰ্মৰ বিৰুদ্ধে বিতৰ্কিত টুইট কৰা কানাড়া অভিনেতা চেতন কুমাৰক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

0 51

১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা কানাড়া অভিনেতা চেতন কুমাৰে, হিন্দুত্ব সন্দৰ্ভত বিতৰ্কিত টুইট কৰিছিল।কানাড়া অভিনেতা চেতন কুমাৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বাংগালুৰু আদালতে। তেওঁৰ বিতৰ্কিত টুইটৰ জৰিয়তে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ।মঙলবাৰে বেংগালুৰু আদালতে কানাড়া অভিনেতা তথা সমাজ কৰ্মী চেতন কুমাৰক ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত ১৪ দিনীয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। হিন্দু ধৰ্মৰ বিৰুদ্ধে বিতৰ্কিত টুইটৰ পিছতে চেতনক গ্ৰেপ্তাৰ কৰে বেংগালুৰু আৰক্ষীয়ে। অভিনেতাগৰাকীয়ে তেওঁৰ টুইটত হিন্দুত্ববাদক সমালোচনা কৰিছিল। যোৱা ২১ মাৰ্চত বেংগালুৰু আৰক্ষীয়ে চেতনক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় আৰু তাৰ পৰাই তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

বাংগালুৰুৰ এজন শিৱকুমাৰে চেতনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ভাৰতীয় দণ্ডবিধিৰ ২৯৫এ (ধৰ্মীয় আৱেগক আঘাত কৰা) ধাৰাত বেংগালুৰুৰ শেশাদ্ৰীপুৰ থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। অভিযোগত চেতনৰ টুইটৰ উদ্ধৃতি দি কোৱা হৈছে যে “হিন্দুত্ব মিছাৰ ওপৰত নিৰ্মিত। সাৱৰকাৰ – ভাৰতীয় জাতি আৰম্ভ হৈছিল যেতিয়া ৰাম ৰাভাক পৰাস্ত কৰি অযোধ্যালৈ উভতি আহিছিল – মিছা, বাবৰি মছজিদ হৈছে ১৯৯২ চনত ৰাম জন্মভূমি- এটা মিছা, ২০২৩ উৰিগৌড়া-নঞ্জেগৌড়া হৈছে টিপুৰ হত্যাকাৰী – ক… মিছা কথা, হিন্দুত্বক সত্যৰ সৈতে পৰাস্ত কৰিব পাৰি – সত্য হৈছে সমতা।”অভিযোগকাৰীয়ে দাবী কৰে যে এই টুইটৰ জৰিয়তে চেতনে সংখ্যাগৰিষ্ঠ হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত দিছিল, জাতিৰ মাজত শত্ৰুতা সৃষ্টি কৰিছিল আৰু সাম্প্ৰদায়িক সংঘৰৰ উচটনি দিছিল।

Leave A Reply