Breaking

নগাঁৱলৈ সম্প্ৰসাৰণ ‘কন্যাকা’ৰ ব্যৱসায়

0 525

থলুৱাভাৱে উৎপাদিত দুগ্ধজাত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা

নিবনুৱা সকলৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই অনা শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ‘কন্যাকা’ নামৰ প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰখন নগাওঁ জিলা লৈকে সম্প্রসাৰিত কৰিছে। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ় লৈ উঠা ‘কন্যাকা’ৰ  জৰিয়তে নিবনুৱা যুৱক যুৱতী সকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সকলোৱে জানে। কৃষি কাৰ্য, মীন পালনকে ধৰি অন্যান্য ক্ষেত্ৰত নিবনুৱা সকলক জৰিত কৰি বিধায়ক গৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত থলুৱা ভাৱে উৎপাদিত সামগ্ৰীৰে গঢ়ি তোলা হৈছে এখন বৃহৎ বজাৰ। এই কন্যাকায়ে নিজৰ জিলাৰ সীমাৰ পৰিধি ভাঙি আন জিলাটো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আন জিলাৰ লগতে নগাওঁ জিলটো কন্যাকাই নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰ অংশ হিচাপে আজি নগাওঁ চহৰৰ মুকুট শৰ্মা চাৰিআলিত কন্যাকাৰ দুগ্ধ সামগ্ৰী বিক্ৰী কৰা এখন মোবাইল ভান মুকলি কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই কয়, “চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ়ি উঠা কন্যাকাই উঠি অহা বহু যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ পথ মুকলি কৰিছে। কন্যাকাৰ লগত জৰিত এই সকলে কৃষি কাৰ্য, মীন পালন, হাঁহ-কুকুৰা পালন আদিৰ জৰিয়তে স্বাৱলম্বনৰ এক উৎকৃষ্ট আদৰ্শ দাঙি ধৰিছে। কন্যাকাত উৎপাদিত সামগ্ৰীয়ে ইতিমধ্যে শোণিতপুৰ জিলাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কন্যাকাৰ উৎপাদিত দুগ্ধ জাত সামগ্ৰী আজিৰ পৰা নগাঁৱত উপলব্ধ হব।” ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে নিবনুৱা যুৱক-যুৱতী সকলক নিজকে ব্যৱসায়-বাণিজ্য কৃষিকাৰ্য আদিৰ লগত জৰিত হৈ নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। নগাঁৱৰ সাগৰ শৰ্মা, সৌৰভ শৰ্মা আৰু সুন্দৰ শৰ্মা নামৰ ব্যৱসায়ী তিনিজনে কন্যাকাৰ উৎপাদিত দুগ্ধ জাত সামগ্ৰী সুলভ মূল্যত জনসাধাৰণে ক্ৰয় কৰিব পৰাকৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি নগাওঁ চহৰত কন্যাকাৰ এটা চেল পইণ্টৰ ব্যৱস্থা কৰিছে। ব্যৱসায়ী তিনিজনৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।

Leave A Reply