Breaking

৫০০ টকা উপাৰ্জন কৰা কপিল শৰ্মা আজি ৩০০ কোটি টকাৰ মালিক! কেনেকৈ অমৃতসৰৰ পৰা মুম্বাইলৈ আহিছিল কপিল…

0 10

সৰু হাঁহিৰ অনুষ্ঠানৰ পৰা নিজা অনুষ্ঠানলৈ যাত্ৰা কৰা উদ্যোগটোৰ সুপৰিচিত কমেডিয়ান কপিল শৰ্মাই আজি ৪৩ বছৰ অতিক্ৰম কৰিলে। পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰা কপিল শৰ্মা ছুপাৰষ্টাৰ হোৱা এই যাত্ৰা ইমান সহজ নাছিল। ইয়াৰ উপৰিও কপিল শৰ্মাই ছবিতো অভিনয় কৰিছে। শেহতীয়াকৈ মুক্তি পোৱা কৰীনা কাপুৰ খান, টাবু আৰু কৃতি ছানন অভিনীত ‘ক্ৰু’ ছবিত কপিলক দেখা গৈছিল। পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰা কপিল শৰ্মাৰ যাত্ৰাৰ বিষয়ে জানো আহক-

১৯৮১ চনৰ ২ এপ্ৰিলত পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰিছিল কপিল শৰ্মাৰ। তেওঁৰ পিতৃ জিতেন্দ্ৰ কুমাৰ হেড কনিষ্টবল আৰু মাতৃ জনাকী ৰাণী আছিল গৃহিণী। কোৱা হয় যে সৰুৰে পৰা তেওঁ অতি দুষ্টামি আছিল আৰু টিভি চাই অভিনেতা অনুকৰণ কৰি ভাল পাইছিল আৰু বন্ধুসকলেও তেওঁক তেনে কৰাটো ভাল পাইছিল। তেওঁ সদায় নিজৰ অদ্ভুত ঠাট্টা-মস্কৰাবোৰেৰে বন্ধু-বান্ধৱী আৰু আন মানুহক বহুত হাঁহিবলৈ বাধ্য কৰাইছিল। অতি কম বয়সতে পিতৃক হেৰুৱালে কপিল শৰ্মাই। কোৱা হয় যে তেওঁৰ পিতৃ জিতেন্দ্ৰৰ কৰ্কট ৰোগ হৈছিল, যাৰ বাবে তেওঁৰ মৃত্যু হৈছিল আৰু সেই সময়ত কপিলৰ বয়স আছিল মাত্ৰ ২২ বছৰ। পিতৃৰ মৃত্যুৰ পিছত কপিলৰ পৰিয়ালটোও আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু পিতৃৰ মৃত্যুৰ পিছত কপিলক আৰক্ষী বিভাগত চাকৰিৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সৰুৰে পৰা গায়ক হ’ব বিচৰাৰ বাবে কপিলে সেই চাকৰি নাকচ কৰিছিল। পিছলৈ কপিলে থিয়েটাৰত যোগদান কৰে আৰু বহু নাটকৰ অংশ আছিল কপিল।

কপিল শৰ্মাই অতি কম বয়সৰ পৰাই কাম আৰম্ভ কৰিছিল। সংগ্ৰামৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ পিচিঅ’ বুথত কাম কৰিছিল, য’ত তেওঁ ৫০০ টকা দৰমহা পাইছিল। ইয়াৰ পিছত কপিলে দশম মান উত্তীৰ্ণ হৈ বস্ত্ৰ কল এটাত কাম কৰিবলৈ আৰম্ভ কৰে, য’ত তেওঁ মাহে ৯০০ টকা পাইছিল। আগতে তেওঁ নিজৰ উপাৰ্জন সংগীত ব্যৱস্থাত বিনিয়োগ কৰিছিল। স্নাতক পঢ়াৰ সময়ত কপিলে ছুটীৰ সময়ত কামৰ সন্ধানত মুম্বাইলৈ গৈছিল যদিও অমৃতসৰলৈ উভতি আহিবলগীয়া হৈছিল।

আনহাতে, বৰ্তমান যদি কপিল শৰ্মাৰ নেট ৱৰ্থৰ কথা কওঁ, তেন্তে ৫০০ টকাৰে উপাৰ্জন আৰম্ভ কৰা কপিল শৰ্মা আজি ৩০০ কোটি টকাৰ সম্পত্তিৰ মালিক। বৰ্তমান তেওঁৰ বিলাসী ঘৰ, গাড়ী আৰু কোটি কোটি উপাৰ্জনৰ শ্ব’ আছে।

Leave A Reply