Breaking

কপিলীৰ কচুৱা পাৰঘাট বন্ধৰ এমাহ

0 2,066

মধ্য অসমৰ  নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত চহৰী মৌজাৰ কপিলী নদীৰ দক্ষিণ পাৰৰ শীলভেটা ,গছপৰা , ভকতপাৰ ,হাটবৰ ,বসুন্ধৰী , কাকতিগাওঁ , ডালিমবাৰী , গাৰোগাও , বালিকুচি আদি অঞ্চলৰ সাধাৰণ জনতা আজি  এক প্ৰকাৰ পণ বন্দী হৈ থাকিব লগীয়া হৈছে । আজি এই অঞ্চলৰ সাধাৰণ জনতা যাও বুলি কলৈকো যাব নোৱাৰে । কাৰণ  এই অঞ্চলৰ জনতাই ৰহা চাপৰমুখৰ লগতে নগাঁও চহৰ আৰু উজনি অসম নামনি অসমৰ বিভিন্ন স্থানলৈ যাবৰ বাবে  ব্যৱহাৰ কৰি থকা এক মাত্ৰ কপিলীৰ কচুৱা পাৰঘাট টো চৰকাৰে বন্ধ কৰি দিলে । মাজুলীত হোৱা ভয়ঙ্কৰ ফেৰী দুৰ্ঘটনাৰ পাছত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ চাপৰমুখ কচুৱা পাৰঘাটটো বন্ধ কৰি দিলে । চৰকাৰৰ এই সিদ্ধান্তক ৰাইজে প্ৰথম অবস্থাত আদৰণি জনাইছিল যদিও বৰ্তমানে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ মুখৰ হৈ পৰিছে । ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যদি মাজুলীত ফেৰী বন্ধ কৰি  জাহাজ চলাব পাৰে তেন্তে কচুৱা পাৰঘাটত টুলুঙা নাও বন্ধ কৰি কিয় ফেৰী চলাব নোৱাৰে । কপিলী নদীৰ কচুৱা পাৰঘাট টো বিকল্প কোনো ব্যৱস্থা নকৰাকৈ  বন্ধ কৰি দিয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ লগতে চৰকাৰী কৰ্মচাৰী আৰু ৰোগাক্ৰান্ত ব্যক্তি সকলে গভীৰ সমস্যাত পৰিছে । আনপিনে এই কচুৱা পাৰঘাটৰ পৰা সামান্য পশ্চিমত এখন পকা দলঙ নিৰ্মাণৰ কাম চলি আছে যদিও নিৰ্মাণ কাৰ্য্য অতি মন্থৰ । ২০০৩ চনৰে পৰা তিনিবাৰকৈ আধাৰ শিলা স্থাপন কৰা এই দলং খন আজিও সম্পূৰ্ণ হৈ নুঠিল । ২০০৩ চনৰে পৰা প্ৰতিজন বিধায়কে ডাংকোপ মৰাৰ দৰে বৰ্তমানৰ বিধায়ক জনে আগষ্ট মাহত দলঙ সম্পূৰ্ণ হব বুলি বক্তব্য প্ৰদান কৰিছিল যদিও আজি পৰ্য্যন্ত সম্পূৰ্ণ নহল বৰং কাম কৰা গতি পূৰ্বৰ তুলনাত মন্থৰ হোৱা হে দেখা গল। প্ৰায় ১০ কোটি টকীয়া দলং খনত চাৰি জন শ্ৰমিকক কাম কৰি থকা দেখা গৈছে। কাম কৰি সঠিক সময়ত টকা নিদিয়াৰ বাবে কামৰ গতি মন্থৰ হৈছে বুলি দলং নিৰ্মাণ কাৰ্য্যৰ লগত জড়িত এটা সুত্ৰে জানিব দিয়ে ।

Leave A Reply