শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বলীউডত চাবৰ বাবে অনুৰাগীসকল উৎসাহিত হৈ আছে। আৰিয়ান খানৰ বলীউড অভিষেকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনেক লোক। অনুৰাগীসকলে আশা কৰিছে যে আৰিয়ানেও পিতৃৰ পদাংক অনুসৰণ কৰিব।
অৱশ্যে এতিয়া এনে লাগিছে যে হয়তো আৰিয়ান খান চলচ্চিত্ৰৰ নায়ক হ’ব নিবিচাৰে। আমি সকলোৱে জানো যে কৰণ জোহৰ শ্বাহৰুখ খানৰ অতি ভাল বন্ধু আৰু তেওঁ শ্বাহৰুখৰ সৈতে বহু হিট ছবি নিৰ্মাণ কৰিছে। কৰণ জোহৰে আৰিয়ান খানক ধৰ্ম প্ৰডাকচনৰ এখন ছবিৰে বলীউডত প্ৰৱেশ কৰাব বিচাৰিছিল। কিন্তু ষ্টাৰ কিড আৰিয়ান খানে কৰণ জোহৰৰ প্ৰস্তাৱ নাকচ কৰিলে।
কৰণে আৰিয়ানক এবাৰ নহয় দুবাৰকৈ অফাৰ দিছিল। কিন্তু আৰিয়ান খানে বাৰে বাৰে নাকচ কৰিছিল কৰণৰ এই প্ৰস্তাৱ। ইয়াৰ পৰাই বুজিব পাৰি কৰিলে যে আৰিয়ান খান অভিনয় কেৰিয়াৰৰ প্ৰতি আগ্ৰহী নহয়। পৰিচালক আৰু স্ক্ৰীপ্ট ৰাইটাৰ হিচাপে বলীউডত অৰিহণা যোগাব বিচাৰে আৰিয়ানে।
ফাৰহান আখতাৰৰ ভগ্নী তথা বিখ্যাত পৰিচালক জোয়া আখতাৰেও আৰিয়ান খানক তেওঁৰ ছবিৰে বলীউডত মুকলি কৰিব বিচাৰিছিল। হয়তো তেওঁ ‘দ্য আৰ্চিজ’ত আৰিয়ানক অভিনয় কৰিব বিচাৰিছিল। কিন্তু আৰিয়ানে প্ৰস্তাৱ নাকচ কৰাত কিং খানৰ কন্যা ছুহানা খানক লন্স কৰে জোয়া আখতাৰে। অহা বছৰ নেটফ্লিক্সৰ চিনেমা ‘দ্য আৰ্চিজ’ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিব ছুহানা খানে। জাহ্নৱী কাপুৰৰ ভগ্নী খুশী কাপুৰ আৰু অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দায়েও এই ফেণ্টাচি ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- টুইটাৰৰ বায়’ সলনি কৰিলে ৰাহুল গান্ধীয়ে , নিজকে ক’লে – ‘অযোগ্য সাংসদ’!
- আজি ‘মন কি বাত’ৰ ৯৯ সংখ্যক খণ্ডৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…
- ভাৰতীয় দলৰ এদিনীয়া দলৰ পৰা বাদ পৰাৰ পিছত কি ক’লে শিখৰ ধাৱনে?
- ফুলকবিত থাকে বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান। কিন্তু, ফুলকবি অত্যাধিক সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিয়…
- দদৰা গোপালথান স্কুল প্রাঙ্গণত বিহু নাচ আৰু ঢোল বাদনৰ কর্মশালা
- দৰঙৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী উৎসৱত কেন্দ্ৰীয় মন্ত্ৰী
- ৰংচঙী গাঁও পঞ্চায়তক দুলিয়াজান বিধান সভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে পাখৰীজনীয়াত বিশাল ৰাজহুৱা সভা
- নাজিৰাৰ গেলেকীত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ
- মানিকপুৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
- কুঁহিয়াৰৰ ৰসৰ গুণাগুণ জানো আহক…