Breaking

দৰা হ’বলৈ সাজু কৰণ কুণ্ড্ৰা ! অহা মাহত বিবাহপাশত আৱদ্ধ হ’ব কৰণ আৰু তেজস্বী…

0 113

তেজস্বী প্ৰকাশ আৰু কৰণ কুন্দ্ৰাৰ প্ৰেম আৰম্ভ হৈছিল টিভি শ্ব’ ‘বিগ বছ ছিজন ১৫’ৰ পৰা। দুয়োৰে প্ৰেম কাহিনীৰ বাবেই অনুৰাগীসকলে টিভি দম্পতী হালৰ বিবাহৰ বাবে অপেক্ষা কৰি আছে। টিভিৰ আটাইতকৈ মৰমলগা আৰু ৰোমান্টিক দম্পতী কৰণ কুন্দ্ৰ আৰু তেজস্বী প্ৰকাশৰ বিবাহ অতি সোনকালে হ’ব। এতিয়া কৰণ কুন্দ্ৰই নিজে তেওঁৰ আৰু তেজস্বীৰ বিয়া সন্দৰ্ভত এক সাক্ষাৎকাৰত বহু কথা প্ৰকাশ কৰিছে। তেওঁৰ নতুন টিভি শ্ব’ ইছক মে ঘয়ালৰ প্ৰচাৰৰ সময়ত কৰণ কুন্দ্ৰাই তেজস্বীৰ সৈতে নিজৰ বিয়াৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে-

তেজস্বী প্ৰকাশ আৰু কৰণ কুণ্ড্ৰাক প্ৰায়ে ৰোমান্টিক ডেটলৈ যোৱা দেখা যায়। ছ’চিয়েল মিডিয়াতো দম্পতী হালে নিজৰ ৰোমান্টিক ফটোৰে শিৰোনাম দখল কৰি আছে। শেহতীয়াকৈ ভেলেণ্টাইন ডে’ উপলক্ষে কৰণে তেজস্বীক অতি কাব্যিক ৰূপত শুভেচ্ছা জনায়। ইফালে দম্পতীহালৰ বিবাহৰ খবৰে অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ কৰণ কুণ্ড্ৰাই ৰেডিঅ’ চিটিৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁৰ আৰু তেজস্বীৰ বিবাহৰ বিষয়ে মুকলিকৈ কয়। অভিনেতাজনে ক’লে, অহা মাহত মাৰ্চ মাহত বিয়া পাতিবলৈ সাজু। বিগ বছৰ পিছত তেওঁৰ (তেজস্বী) পৰিয়ালৰ সদস্যসকলো সাজু আছিল যদিও আমাৰ কামৰ বাবে পলম হৈছে। তেওঁৰ নাগিন (নাগিন ৬ টিভি শ্ব’) শেষ হোৱা নাই, তাৰ পিছত কৰণে ধেমালিতে তেজশ্বীক সুধিছে যে ইমান সফল ছিজন এটা দিয়াৰ প্ৰয়োজনীয়তা কি আছিল আৰু পিছত এইটোও সুধিছে – বিয়াৰ বাবে কেতিয়া সময় পাবা?

এই প্ৰশ্নটোৰ ওপৰত কৰণ কুণ্ড্ৰাই কয় যে, মই যিকোনো ঠাইতে, ফিল্ম চিটিত, চেটত যিকোনো ঠাইতে বিয়া পাতিবলৈ সাজু। এই আটাইকেইটা বছৰত অবিৰতভাৱে বিবাহৰ প্ৰশ্নত বিৰক্ত হোৱা নাই নেকি বুলি সোধাত অভিনেতাগৰাকীয়ে কয় যে এই প্ৰশ্নত মই কেতিয়াও বিৰক্ত হ’ব নোৱাৰো। ,কেৱল এয়াই নহয়, তেজস্বীৰ সৈতে বিবাহৰ খৰখেদা সন্দৰ্ভতো কৰণ কুন্দ্ৰাই নিজৰ মতামত দিলে। তেওঁ ক’লে যে বিয়াৰ প্ৰশ্নত মই অলপ চিন্তিত হৈ পৰো, কিন্তু মানুহে আমাক একেলগে চাব বিচৰাটোও সঁচা। মানুহে আমাৰ প্ৰেমক আৰু এখোজ আগুৱাই চাব বিচাৰে। ই এটা মৰমলগা অনুভৱ।”

Leave A Reply