Breaking

আজমলৰ ত্ৰানকৰ্তাৰ ৰূপত কৰিমউদ্দিন বৰভূঞা;ভিক্ষাৰ পাত্ৰলৈ মন্ত্ৰীৰ দুৱাৰে দুৱাৰে বৰভূঞা…

0 58

হিন্দু নাৰীক অশালীন অপমানসূচক মন্তব্য কৰি বিপদত সাংসদ বদৰুদ্দিন আজমল। ৰঙাঘৰৰ আলহী হোৱাৰ ভয়ত কম্পমান আজমলৰ ত্ৰানকৰ্তাৰ ৰূপত নামিছে কৰিম উদ্দিন বৰভূঞা।

যিকোনো প্ৰকাৰে আজমলক বচোৱাৰ উদ্দেশ্যে কৰিম উদ্দিন বৰভূঞাই মন্ত্ৰী বিধায়কৰ দুৱাৰে দুৱাৰে টোকৰ দি ফুৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নলবাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন থানাত ৰুজু হোৱা সকলো গোচৰ কৰিমগঞ্জলৈ প্ৰেৰণ কৰাৰ লগতে আইনে ব্যৱস্হা গ্ৰহন কৰিব বুলি কৰা মন্তব্যৰ পিছতেই আজমলক গ্ৰেপ্তাৰ কৰাতো প্ৰকট হৈ পৰিছে।

আনহাতে সাংসদ বদৰুদ্দিন আজমলে ক্ষমা বিচাৰি ভাগৰি পৰা বুলি মন্তব্য কৰি আৰু গোচৰ দিবলৈ দাম্ভিকতাৰে ঘোষনা কৰিছিল। তেওঁ আনকি গোচৰ খেলিবলৈ সাজু বুলি মন্তব্য কৰিছিল। কিন্ত উপায় বিহীন আজমলক বচাবলৈ এতিয়া ত্ৰানকৰ্তাৰ ৰূপত নামি পৰিছে কৰিম উদ্দিন বৰভূঞাই। এই কাৰ্যত বৰভূঞা কিমান সফল হয় সেয়া লক্ষনীয় হব।

Leave A Reply