Breaking

কৰ’ণাই বিপৰ্য্যস্ত কৰিছে জনজীৱন।উপাৰ্জনৰ পথ বন্ধ হোৱাৰ দিশে ই-ৰিক্সা, অট’ৰিক্সা চালকৰ

0 2,038

এফালে কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি, আনফালে পেটৰ ভাতমুঠি মোকলাবলৈ চিন্তা খাটিখোৱা সাধাৰণ জনতাৰ। তাৰ মাজতে কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনাই এতিয়া বিপদত পেলাইছে সকলো শ্ৰেণীৰ লোকক। কৰ’ণা মহামাৰীৰ বাবেই যেন এতিয়া ধূসৰ হৈ পৰিছে জনজীৱন।  একপ্ৰকাৰ ভৱিষ্যত নিয়ন্তাৰ হাতত বন্দী প্ৰতিজন মানুহৰে জীৱন। দেশত প্ৰতি দিনেই কৰ’ণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰী কৰিছে কেতবোৰ নীতি-নিয়ম। জনসাধাৰণেও চৰকাৰৰ নিৰ্দেশাৱলী মানি চলিছে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত। কিন্তু এই কৰ’ণা মহামাৰীৰ বাবেই এতিয়া প্ৰতিজন লোকৰ সপোন, আশা-আকাংক্ষাবোৰে প্ৰাণ হেৰুৱায় পেলাইছে।  স্ব-নিয়োজনৰ উদ্দেশ্যে এখন ই-ৰিক্সা বা অট’ৰিক্সা লৈ উপাৰ্জনৰ বাট মুকলি কৰা লোকসকলো এতিয়া দিকভ্ৰান্ত হৈ পৰিছে। দিনটো ই-ৰিক্সা চলাই উপাৰ্জিত ধনেৰে পৰিয়াল পোহপাল দিয়া লোকসকলে এতিয়া মাথোঁ কেইটামান ঘণ্টা চৰকাৰী নিৰ্দেশনা মানি চলাৰ ফলত পেটত গামোচা বন্ধাৰ উপক্ৰম ঘটিছে। কৰ’ণাৰ প্ৰকোপত সৃষ্টি হোৱা এই জটিল সময়ে যেন সাধাৰণ জনতাক ইংগিত দিছে অন্ধকাৰ ভৱিষ্যতৰ। ই-ৰিক্সা বা অট’ৰিক্সা চালকসকলৰ মনত এতিয়া এটাই প্ৰশ্ন, “কেনেদৰে পূৰণ কৰিব ঘৰুৱা প্ৰয়োজন খিনি ? নিৰ্দিষ্ট সময়ৰ ভিতৰত সীমিত সংখ্যক যাত্ৰী কঢ়িয়াই উপাৰ্জিত ধনেৰে কেনেকৈ চলাব সংসাৰ?”  ইমানৰ পাছতো তেওঁ লোক আশাবাদী, চৰকাৰে তেওঁলোকৰ প্ৰতি সুদৃষ্টি ৰাখিব। আন্ধাৰ বিনাশী যেন পোহৰৰ বাট মুকলি হ’ব পুনৰ।

Leave A Reply