Breaking

ক্ৰছ ভোটিঙে জোকাৰিলে কৰ্ণাটক বিজেপিকঃ ৰাজ্যসভা নিৰ্বাচনত বিজেপি বিধায়কে কংগ্ৰেছৰ প্ৰাৰ্থীক দিলে ভোট ! তিনি খন আসনত কংগ্ৰেছ, এখনত বিজেপিৰ প্ৰাৰ্থী বিজয়ী…

0 25

ক্ৰছ ভোটিঙে জোকাৰিলে কৰ্ণাটক বিজেপিকঃ ৰাজ্যসভা নিৰ্বাচনত বিজেপি বিধায়কে কংগ্ৰেছৰ প্ৰাৰ্থীক দিলে ভোট
তিনি খন আসনত কংগ্ৰেছ, এখনত বিজেপিৰ প্ৰাৰ্থী বিজয়ী

অৱশে৷ত কৰ্ণাটকত হ’ল ক্ৰছ ভোটিং৷ কৰ্ণাটকৰ বিজেপি বিধায়ক এছ টি সোমশেকাৰে সোমবাৰে চাৰিখন আসনৰ বাবে অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সপক্ষে ক্ৰছ-ভোট দান কৰে৷ ফলত বিজেপিৰ বাবে ই এক গুৰুত্বপূৰ্ণ আঘাত হিচাবে পৰিগণিত হৈছে৷ ক্ৰছ ভোট নিশ্চিত কৰি বিধানসভাৰ বিজেপিৰ মুখ্য হুইপ ডোডানাগৌদা জি পাটিলে বিষয়টোত উদ্বেগ প্ৰকাশ কৰে আৰু ঘোষণা কৰে যে দলটোৱে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হ’ব।

তেওঁ জোৰ দি কয় যে এই অপ্ৰত্যাশিত পদক্ষেপৰ বাবে এছ টি সোমশেকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ কয় “এয়া নিশ্চিত যে এছ টি সোমশেকাৰে ক্ৰছ-ভোট দিছে। আমি কি কৰিব পাৰি আৰু কি ব্যৱস্থা ল’ব লাগে সেই বিষয়ে আলোচনা কৰি আছো,” ।ভোট দান কৰাৰ আগতে এছ টি সোমাশেকাৰে সাংবাদিকক কয়, “যিসকলে মোক আশ্বাস দিছে আৰু বিশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে মোৰ সমষ্টিত পানী আৰু অন্যান্য সুবিধাৰ বাবে পুঁজি আৱণ্টন কৰিব, তেওঁলোকৰ সপক্ষেই মই ভোট দিম।”

কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনত চাৰিখন আসনৰ বাবে পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে৷ কংগ্ৰেছৰ অজয় মাকেন, চৈয়দ নাছিৰ হুছেইন, আৰু জি চি চন্দ্ৰশেখৰ, বিজেপিৰ নাৰায়ণচা বেণ্ডেজ আৰু জেডি(এছ)ৰ কুপেন্দ্ৰ ৰেড্ডীয়ে৷কৰ্ণাটকত তিনিজন কংগ্ৰেছ সাংসদ আৰু এজন বিজেপি সাংসদে অৱসৰ গ্ৰহণ কৰিছে৷ ৰাজ্য খনৰ বিধানসভাত কংগ্ৰেছৰ ১৩৫ জন বিধায়ক আৰু বিজেপিৰ ৬৬ জন বিধায়ক আছে৷ ইপিনে কৰ্ণাটকৰ শাসনাধিষ্ঠিত কংগ্ৰেছে মঙলবাৰে কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনত তিনিখন আৰু বিজেপিয়ে এখন আসন লাভ কৰে৷ উচ্চ সদনলৈ নিৰ্বাচিত হোৱা সকল হৈছে অজয় মাকেন, জি চি চন্দ্ৰশেখৰ আৰু চৈয়দ নাছিৰ হুছেইন, সকলো কংগ্ৰেছৰ আৰু বিজেপিৰ নাৰায়ণচা কে ভাণ্ডাজে বিজয়ী হৈছে।

Leave A Reply