Breaking

দলক পৰাজয়ৰ দিশে যোৱা দেখা পোৱাৰ পিছতে পদত্যাগৰ সিদ্ধান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ…

0 48

দলক পৰাজয়ৰ দিশে আগবাঢ়ি যোৱা যেন দেখা পোৱাৰ পিছতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ ঘোষণা মুখ্যমন্ত্ৰী বোম্মাইৰ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে আজি পদত্যাগৰ কথা ঘোষণা কৰে, কিয়নো তেওঁৰ ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্য বিধানসভা নিৰ্বাচনত পৰাজয়ৰ দিশে আগবাঢ়িছে। বোম্মাই কয় যে তেওঁ সন্ধিয়াৰ ভিতৰত পদত্যাগ পত্ৰ দাখিল কৰিব।

শেহতীয়াকৈ ভোট গণনাত কংগ্ৰেছ দলে ১৩৩খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে ৬২খন আসনেৰে পিছ পৰি থকাৰ সময়তে এই ঘোষণা কৰা হৈছে। ২৯খন আসনত আগবাঢ়ি আছিল নিৰ্দলীয় প্ৰাৰ্থী আৰু অন্যান্য দল।ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে, আজি সন্ধিয়াৰ ভিতৰত পদত্যাগ পত্ৰ দাখিল কৰিব। বৰ্তমানলৈকে নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই নিৰ্বাচনৰ ফলাফল।

Leave A Reply