য়েদিয়ুৰাপ্পাৰ গ্ৰেপ্তাৰত স্থগিতাদেশ কৰ্ণাটক উচ্চতম ন্যায়ালয়ৰ…

শুকুৰবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ গ্ৰেপ্তাৰত স্থগিতাদেশ জাৰি কৰে। নাবালিকাই দিয়া গোচৰৰ পৰৱৰ্তী শুনানী নোহোৱা লৈকে কোনেও য়েদিয়ুৰাপ্পাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। আদালতে কালি POCSO গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতা বি এছ য়েদিয়ুৰাপ্পা (৮১)ক গ্ৰেপ্তাৰ কাঢ়া নিৰ্দেশ দিয়ে। বিচাৰপীয়ে কয়, “তেওঁ কোনো টম, ডিক বা হেৰী নহয়। তেওঁ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী… গ্ৰেপ্তাৰ পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে স্থগিত ৰখা হৈছে।’- কৰ্ণাটক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ কৃষ্ণ দীক্ষিতে অন্তৱৰ্তীকালীন আদেশত এনেদৰে কয়। ন্যায়াধীশ দীক্ষিতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জীৱনৰ বিয়লি বেলা অসুস্থতাত ভুগিছে ​​বুলি উল্লেখ কৰি POCSO গোচৰ বাতিল কৰাৰ লগতে অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি এসপ্তাহ স্থগিত ৰাখে। ১২ জুনত তদন্তৰ বাবে হাজিৰ নোহোৱাৰ বাবে চিআইডিয়ে বৃহস্পতিবাৰে বিশেষ আদালতে য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।

আদালতে ১২ জুনত য়েদিয়ুৰাপ্পাই চিআইডিলৈ প্ৰেৰণ কৰা পত্ৰৰ উল্লেখ কৰি কয় যে ‘তেওঁ নতুন দিল্লীত আছে আৰু ১৭ জুনত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’ব’। চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীত নাবালিকাগৰাকীৰ মাতৃয়ে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। ২০২৪ চনৰ ১৪ মাৰ্চত বাংগালুৰুত য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল আৰু ১৫ মাৰ্চত গোচৰটো তদন্তৰ বাবে চিআইডিলৈ হস্তান্তৰ কৰা হৈছিল। য়েদিয়ুৰাপ্পাই তেওঁৰ বিৰুদ্ধে গোচৰটো বাতিল কৰাৰ বাবে দাখিল কৰা আবেদনখনত উল্লেখ কৰা হৈছে যে, “ৰাজনৈতিত কাৰণতচত এনে কথা কোৱা হৈছে আৰি আবেদনকাৰীৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্ৰমাণ তেওঁলোকে দিব পৰা নাই।” এই গোচৰটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে গোচৰ দাখিল কৰাত এমাহৰো অধিক পলম হৈছিল।

উল্লেখ্য ১২ এপ্ৰিলত চিআইডিৰ সন্মুখত হাজিৰ হৈছিল য়েদিয়ুৰাপ্পাই। তদন্তৰ বাবে কণ্ঠৰ নমুনাও দিছিল। এই অভিযোগৰ দিনাই নাবালিকাগৰাকীৰ ৫৪ বছৰীয়া মাতৃগৰাকীয়ে মোবাইল ফোনত ৰেকৰ্ড কৰা কণ্ঠৰ সৈতে মিলাই চাবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কণ্ঠৰ নমুনা দিছিল।

Related Articles