Breaking

কৰীনা প্ৰিয়ংকাৰ দৰে প্ৰেমিকা বিচাৰে কাৰ্তিক আৰিয়ানে, ফ্ৰেডীৰ বাবে ১৫ কেজি ওজন বৃদ্ধি কৰিছিল আৰিয়ানে…

0 66

বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ান। পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও তেওঁ শিৰোনামত থাকে। তেওঁৰ অনুৰাগীয়ে তেওঁৰ প্ৰেম জীৱনৰ সকলো কথা জানিব বিচাৰে। শেহতীয়াকৈ কাৰ্তিক আৰিয়ানক তেওঁৰ ছবি ফ্ৰেডীৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছে। বঁটা অনুষ্ঠানত কাৰ্তিকে কয় যে তেওঁ কেনেধৰণৰ সংগী বিচাৰে।

নেহা ধুপীয়া আৰু অপৰশক্তি খুৰাণাই আঁত ধৰা এই বঁটা প্ৰদান অনুষ্ঠানটোত কাৰ্তিকক তেওঁৰ ৰিলেচনশ্বিপ ষ্টেটাছৰ বিষয়ে সোধাত অভিনেতাজনে প্ৰকাশ কৰে যে তেওঁ অবিবাহিত। ইয়াৰ পিছত তেওঁ কেনেকুৱা সংগী বিচাৰে সেই কথা ক’লে। কাৰ্তিকে ক’লে যে কৰীনা কাপুৰ আৰু প্ৰিয়ংকা চোপ্ৰাৰ দৰে ছোৱালী বিচাৰে। ইয়াৰ পিছত কাৰ্তিকক ধনী, প্ৰতিভাশালী, ধুনীয়া আৰু হাস্যৰসময়ী শিতানত ৰাখিব পৰা অভিনেত্ৰীসকলৰ নাম ক’বলৈ কোৱা হ’ল।কাৰ্তিকে কয় যে তেওঁ কৰীনা কাপুৰক ধুনীয়া, ৰবীনা টেণ্ডনক ধেমেলীয়া আৰু প্ৰিয়ংকা চোপ্ৰাক ধনী শ্ৰেণীত ৰাখিব। প্ৰতিভা আৰু সংগীতৰ কথা কওঁতে কাৰ্তিকে আকৌ এবাৰ প্ৰিয়ংকাক এই তালিকাত ৰাখিলে।

ফ্ৰেডীৰ বাবে এই বঁটা লাভ কৰাৰ পিছত কাৰ্তিক আৰিয়ানে ছ’চিয়েল মিডিয়াত চৰিত্ৰটোৰ বিষয়ে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। কাৰ্তিক লিখিছিল যে এই চৰিত্ৰটো তেওঁৰ বাবে অতি প্ৰত্যাহ্বানজনক কাৰণ ইয়াৰ বাবে তেওঁ ১৫ কেজি ওজন বৃদ্ধি কৰিছিল। ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁতে কাৰ্তিক আৰিয়ানক অতি সোনকালে চান্দু চেম্পিয়নত দেখা যাব। অহা বছৰ ছবিগৃহত মুক্তি পাব এই ছবিখন। ইয়াৰ উপৰিও তেওঁক আছিকি ৩ ত দেখা যাব।


Leave A Reply