Breaking

অবিবাহিত হৈ বিৰক্তি অনুভৱ কাৰ্তিক আৰিয়ান! অতি সোনকালেই বিবাহপাশত আৱদ্ধ হ’ব কাৰ্তিক আৰিয়ান…

0 65

বলীউডৰ অন্যতম শীৰ্ষ অভিনেতা কাৰ্তিক আৰিয়ানে যাৰ ফেন ফ’ল’ৱাৰো বহুতো। সম্পৰ্ক আৰু প্ৰেমৰ বাবে সততে চৰ্চাত থকা কাৰ্তিক আৰিয়ানে শেহতীয়াকৈ সকলোৰে সন্মুখত ঘোষণা কৰিছে যে তেওঁ বিয়া পাতিব। পেছাদাৰী জীৱনৰ বাবে তেওঁ ব্যক্তিগত জীৱনেও শিৰোনাম দখল কৰিছে। উৰাবাতৰিৰ প্ৰেমিকা আৰু প্ৰেমৰ বাবে লাইমলাইটত থকা কাৰ্তিক আৰিয়ান আকৌ এবাৰ অভিনেতাগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনেৰে ঢৌৰ সৃষ্টি কৰিছে! কাৰ্তিক আৰিয়ানে শেহতীয়াকৈ ঘোষণা কৰিছে যে তেওঁ আৰু অবিবাহিত হৈ থাকিব নিবিচাৰে আৰু সেইবাবেই তেওঁৰ বিয়া পাতিব। ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া শ্বেট্টীৰ পিছত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে বিবাহপাশত আবদ্ধ হয়। এতিয়া যেন পৰৱৰ্তী নম্বৰত আছে অভিনেতা কাৰ্তিক আৰিয়ান যিয়ে ৰাজহুৱাভাৱে বিয়াৰ কথা বুলি ঘোষণা কৰিছে।


আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে কাৰ্তিক আৰিয়ানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত অভিনেতাজনে নিজেই ঘোষণা কৰিছে যে তেওঁ এতিয়া অবিবাহিত হৈ থাকিব নিবিচাৰে, অবিবাহিত হৈ থাকি বিৰক্ত হৈছে কাৰণ বাকী সকলোৱে বিয়া পাতিছে। কাৰ্তিকৰ ভিডিঅ’টো জি চিনে এৱাৰ্ডছ ২০২৩ৰ প্ৰমো, য’ত কাৰ্তিকে মঞ্চত অহাৰ পিছত বিয়াৰ কথা কৈছে।

Leave A Reply