Breaking

‘ভূল ভুলীয়া ২’ৰ পিছত কাৰ্তিক-কিয়াৰাৰ ‘সত্যপ্ৰেম কি কাথা’। ছবিখনৰ বাজেট ৬০ কোটি…

0 55

‘ভূল ভুলীয়া ২’ৰ পিছত কাৰ্তিক-কিয়াৰাৰ ‘সত্যপ্ৰেম কি কাথা’। ছবিখনৰ বাজেট ৬০ কোটি। ‘সত্যপ্ৰেম কি কাথা’ ছবিখন মুক্তি পোৱাৰ তিনিদিন পাৰ হৈ গ’ল। এই ছবিখনে প্ৰথম তিনিদিনত বক্স অফিচত বিপুল উপাৰ্জন কৰিছে। খবৰ অনুসৰি এই ছবিখনৰ তৃতীয়া দিনা সংগ্ৰহ প্ৰায় ৪০ৰ পৰা ৪৮ শতাংশ বৃদ্ধি পাইছে। অৰ্থাৎ শনিবাৰে এই ছবিখনে প্ৰায় ১০ৰ পৰা ১০.৪০ কোটি টকা সংগ্ৰহ কৰে। এই ছবিখনে এই পৰ্যন্ত মুঠ ২৬.২৫ৰ পৰা ২৬.৬৫ কোটি টকা সংগ্ৰহ কৰিছে। ছবিখনে প্ৰথম দিনাই প্ৰায় ৯.২৫ কোটি আৰু দ্বিতীয় দিনা প্ৰায় ৭ কোটি টকা সংগ্ৰহ কৰিছিল। দ্বিতীয় দিনা এই ছবিখনৰ উপাৰ্জন সামান্য হ্ৰাস পাইছিল যদিও তৃতীয় দিনা ভাল হোৱা দেখা গৈছে।

এনে পৰিস্থিতিত এই ছবিখনে বক্স অফিচত প্ৰথম সপ্তাহত প্ৰায় ৩৩ৰ পৰা ৩৫ কোটি টকা সংগ্ৰহ কৰিব বুলি আশা কৰা হৈছে। ‘সত্যপ্ৰেম কি কাথা’ ছবিখনৰ বাজেট প্ৰায় ৬০ কোটি টকা। এই ছবিখনত কিয়াৰা আৰু কাৰ্তিক দ্বিতীয়বাৰৰ বাবে একেলগে দেখা গৈছে। ইয়াৰ পূৰ্বে তেওঁলোকক ‘ভূল ভুলীয়ায়া ২’ত দেখা গৈছিল।

Leave A Reply