Breaking

দৰঙৰ ৬ গৰাকী ৰোগীলৈ কৰুণাধাৰাৰ ৭৮ হাজাৰ টকাৰ অনুদান

0 89

দৰঙৰ পিপৰাদোকান বৰনগাঁও শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী নিশিতা নাথ যকৃত ৰোগত আক্ৰান্ত হৈ এবছৰ ধৰি চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, বিনোদ নাথ আৰু প্ৰণিতা নাথৰ দ্বিতীয় কন্যা সন্তান নিশিতা নাথৰ চিকিৎসা আগবঢ়াই নিবলৈ মানৱতাবাদী সংগঠন ‘কৰুণাধাৰা’ই  নিশা ২০ হাজাৰ টকাৰ চেক এখন প্ৰদান কৰে। ‘কৰুণাধাৰা’ দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্ত আৰু সদস্য জিতুমণি চহৰীয়া, ধ্ৰুৱজ্যোতি বৰাই নিশিতা নাথৰ ঘৰলৈ গৈ চেকখন প্ৰদান কৰে। কৰুণাধাৰাৰ এনে পদক্ষেপক গঞা ৰাইজে শলাগ লৈছে।

উল্লেখ্য যে, হাউলীমোহনপুৰৰ বিশেষভাৱে সক্ষম জেছমিন আৰা আহমেদক ৯ হাজাৰ টকা, দলগাঁও বৰঝাৰ গাঁৱৰ চাইব হুছেইনক ১০ হাজাৰ টকা, দৈপাম ১ নং মাজগাঁৱৰ আব্দুৰ ৰছিদক ১৫ হাজাৰ টকা, পাথৰিঘাট ঠাকুৰীয়াপাৰাৰ আশিক ইকবাল খানক ১৫ হাজাৰ টকা, ৰঙামাটি ঠেকেৰাবাৰীৰ গজেন চহৰীয়ালৈ ৯ হাজাৰ টকাৰ চেক কৰুণাধাৰাৰ পৰা আগবঢ়াইছে।
-দ্বীপেন ডেকা

Leave A Reply