Breaking

‘অহা ২-৩ বছৰত পাকিস্তানে দখল কৰা কাশ্মীৰ ভাৰতৰ অংশ হ’ব’- বিজেপি নেতা কমল গুপ্তা

0 67

ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰাতক লৈ কমল গুপ্তাই কয় যে কেৱল বিজেপিয়েহে ভাৰতক ‘বিশ্ব গুৰু’ কৰি তুলিব পাৰে। হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা কমল গুপ্তাই দেওবাৰে কয় যে পাকিস্তাৰ দখলত থকা কাশ্মীৰ অহা ২-৩ বছৰৰ ভিতৰত যিকোনো সময়তে ভাৰতৰ অংশ হ’ব পাৰে। ৰোহটকৰ হাৰিয়ানাৰ নগৰীয়া স্থানীয় সংস্থা মন্ত্ৰী কমল গুপ্তাই ৰোহটকৰ ব্যৱসায়ীসকলে আয়োজন কৰা এক অনুষ্ঠানত এই মন্তব্য কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “২০১৪ চনৰ আগতে আমি শক্তিশালী নাছিলো, কিন্তু এতিয়া আমি শক্তিশালী হৈ পৰিছো। পাকিস্তানে আমাৰ ভূখণ্ডক দখল কৰিছে।

তেওঁ লগতে কয় যে অহা দুই-তিনি বছৰৰ যিকোনো মুহূৰ্ততে প’কে ভাৰতৰ অংশ হৈ পৰিব আৰু এই কাম কেৱল পিএম মোদীৰ অধীনতহে কৰা হ’ব। ‘জয়চান্দ’ৰ ৰেফাৰেন্স দি আইট ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰাৰ বাবে বিৰোধীক আক্ৰমণ কৰে।

ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰাক ঠাট্ৰা কৰি কমল গুপ্তাই কয় যে কেৱল বিজেপিয়েহে ভাৰতক ‘বিশ্ব গুৰু’ কৰি তুলিব পাৰে। তেওঁ লগতে কয়, “ভাৰতক একত্ৰিত কৰাৰ কথা কোৱাসকল, দেশ ভংগ কৰা একেই মানুহ। ভাৰতক যদি কোনোবাই বিশ্ব গুৰু কৰি তুলিব পাৰে তেন্তে সেয়া হ’ল বিজেপি।”


Leave A Reply