Breaking

চাপৰৰ শালকোচাত পোৱালীসহ মৃত অৱস্থাত কেটেলা পহু উদ্ধাৰ,আটক দুই চোৰাং চিকাৰী

0 1,105

ধুবুৰী জিলাৰ শালকোচা আৰক্ষী চকীৰ দৈনিক নাকা অভিযানত কেটেলা পহু সহ দুই চোৰাং চিকাৰীক আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।উল্লেখ্য যে চিকাৰী দুজনে শালকোচাৰ ৰেনী বিলৰ পৰা দুটা কেটেলা পহু চিকাৰ কৰি এখন বেগত ভৰাই বাইকেৰে লৈ আহিছিল। পিছত শালকোচা আৰক্ষীৰ দৈনিক নাকা অভিযানত বাইক সহ দুজন চোৰাং চিকাৰী আৰু মৃত কেটেলা পহু দুটা উদ্ধাৰ কৰে। আটকাধীন চিকাৰী দুজন ক্ৰমে মনোজ মুচাহাৰী আৰু কাৰ্তিক মুচাহাৰী বুলি জানিব পৰা গৈছে।

পিছত শালকোচা আৰক্ষীয়ে মৃত কেটেলা পহু দুটা শালকোচা বন বিভাগক গতাই দিয়ে।


Leave A Reply