Breaking

বানৰ কৱলত বিশ্ব ঐতিহ‍্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান : কাজিৰঙাৰ বানত মৃত্যু ১ টা গঁড়, ১৪ টা সুগৰি পহুৰ ।

0 1,342

কলিয়াবৰ : 
ৰাজ‍্যৰ দ্বিতীয়টো বানৰ কৱলত বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ প্ৰকল্প এলেকাত আজিৰ  দিনটোতো প্ৰায় অপৰিৱৰ্তিত হৈ আছে  বান পৰিস্থিতি। কাজিৰঙাৰ প্ৰায় নব্বৈ শতাংশ এলেকা চলিত বানত প্লাৱিত হৈছে – আজি এই কথা জনালে উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰে।সঞ্চালকজনে জানিবলৈ দিয়ামতে, আজিৰ দিনটোলৈকে উদ্যানখনত  আজি বিয়লি জখলাবন্ধাৰ ৰাজপথত মৃত্যু হোৱা পহুটোক লৈ মুঠ ১৫ বন্যপ্ৰাণী মৃত্যুমুখত পৰিছে।মৃত্যু হোৱা ১৫ টাৰ  ভিতৰত ১৪ টা সুগৰি পহু আৰু এটা গড়ঁ ।বানাক্ৰান্ত কাজিৰঙাৰ বহু পহু ,হাতী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথ পাৰ হৈ কাৰ্বি পাহাৰৰ দিশলৈ গতি কৰিছে যদিও এটাও গড়ঁ বৰ্তমানলৈকে ৩৭ নম্বৰ ঘাই পথ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই।

জখলাবন্ধাৰ ৰাজপথত বানত দিশহাৰা সুগৰী পহুৰ দুৰ্ঘটনাত মৃত‍্যু ।

কলিয়াবৰৰ জখলাবন্ধাৰ ৰাজপথত গাড়ীৰ খুন্দাত মৃত্যু এটা সুগৰী পহুৰ। কাজিৰঙাৰ পৰা বানত দিশহাৰা হৈ ওলাই আহিছিল পহুটো। জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বিয়লি প্ৰায় ৪:৩০ বজাত যোৰহাট অভিমুখী এ এচ ১১ পি ৪২৩৬ নম্বৰৰ বলেৰ’ গাড়ীৰ খূন্দাত নিহত হয় পহুটো। স্থানীয় ব‍্যৱসায়ীসকলে ঘটনাস্থলীত আঘাটপ্ৰাপ্ত পহুটোৰ সুশ্ৰুষা কৰে যদিও দুৰ্ভগীয়া পহুটো মৃত‍্যুমুখত পৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত হোৱা বানৰ পৰা ওখ ঠাইলৈ আশ্ৰয়ৰ বাবে অহা পহুটোৰ মৃত‍্যুৰ পিছত বানত মৃত‍্যু হোৱা জীৱ-জন্তুৰ সংখ‍্য ১৫লৈ বৃদ্ধি পালে। উল্লেখযোগ‍্য যে, ৰাষ্ট্ৰীয় উদ‍্যানখনত এতিয়ালৈকে বানৰ বাবে এটা গঁড়ৰ লগতে ১৪টা সুগৰী পহুৰ মৃত‍্যু হৈছে। মৃত পহুটো বন বিভাগে স্থানীয় আৰক্ষী প্ৰশাসনৰ সহায়ত ৰাজপথৰ পৰা উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে।

Leave A Reply