Kedarnath Temple: আজি ভক্তৰ বাবে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

শুভ্ৰ বৰফৰ আচ্ছাদনে ঢাকিছে ৰুদ্ৰপ্ৰয়াগ।(Kedarnath Temple)

কেদাৰনাথ ধামত তুষাৰপাত আৰম্ভ।

কেদাৰনাথ নগৰাঞ্চলত তুষাৰপাতৰ আনন্দ ল’লে তীৰ্থযাত্ৰীয়ে।

আজি ভক্তৰ বাবে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ।

ছমাহ বন্ধ হৈ থকাৰ পাছত আজি খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশ দ্বাৰ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ উপস্থিতিত কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হয়। 

‘হৰ হৰ মহাদেৱ’ ধ্বনিৰে গুঞ্জৰিত চৌদিশ, বাবাৰ আশীৰ্বাদ ল’বলৈ ভিৰ কৰিছে ভক্তই।

মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়েও ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে৷

কেদাৰনাথ ধাম দৰ্শনৰ বাবে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে।

অসমৰ জাপি আৰু ফুলেৰে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে মন্দিৰ ভাগ।

আজিৰে পৰা ছমাহলৈ ভক্তৰ বাবে খোলা থাকিব মন্দিৰ ভাগ।

Related Articles