Breaking

দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱত এইবাৰ কেদাৰনাথৰ বিশেষ চমক

0 606

শৰৎ কালৰ আগমণৰ লগে লগে আগমণ শাৰদীয় উৎসৱ। শৰৎ কালৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু দুৰ্গাপূজা । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে দূৰ্গা পূজাৰ ।৩৯ বছৰীয়া দেৰগাওঁ কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱৰ এইবাৰ কেদাৰনাথ আকৃতিৰ মণ্ডপে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ হাজাৰ হাজাৰ ভক্তই ভীৰ কৰিছে এই পূজা ভাগত ৷ বিশেষকৈ দশমী দিয়া ইয়াত ৰাৱণ দহণ কাৰ্য্যসুৰ্চী লোৱা হয় । ই এক ব্যতিক্ৰম কাৰ্য্যসুৰ্চী৷দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি আৰতি প্ৰযোগিতা , শংক্ষ ধ্বনি প্ৰতিযোগিতা আৰু উৰুলি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ লগতে মুখ্য আকৰ্ষণ ৰাৱণ দহন কৰ্যসূচী বিজয়া দশমী দিনা সন্ধিয়া ৬ বজাত সম্পূৰ্ণ কৰা হ’ব৷ দেৰগাওঁ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে পূজা ভাগত আৰ্শীষ লৈ সকলো অসমবাসীক শুভেচ্ছা জনাই।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply