Breaking

শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…

0 55

শোৱাৰ সময়ত যদি কিছুমান বস্তু লগত ৰাখে, তেন্তে আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি বাঢ়িব। সকলো বস্তুতে ইতিবাচক বা নেতিবাচক শক্তি থাকে। এই শক্তিয়ে চাৰিওফালৰ মানুহ আৰু পৰিৱেশত প্ৰভাৱ পেলায়। যদি আপুনি আপোনাৰ জীৱনত সুখ আৰু সৌভাগ্য বৃদ্ধি কৰিব বিচাৰে তেন্তে প্ৰতি নিশা শোৱাৰ আগতে বিচনাৰ কাষত কিছুমান বস্তু ৰাখক। এই বস্তু সমূহৰ দ্বাৰা বহু সমস্যাৰ সমাধান হ’ব আৰু অৰ্থনৈতিক অৱস্থাও ভাল হ’ব।


মুদ্ৰা মাতৃ লক্ষ্মীৰ লগত সম্পৰ্কিত। ধনৰ দেৱী লক্ষ্মীক সুখী কৰি ৰাখিবলৈ পইচা সদায় শ্ৰদ্ধাৰে ৰখা উচিত। যাতে আমাৰ ওচৰলৈ আৰু টকা আহে। যদি আপুনি কোনো ৰোগত আক্ৰান্ত তেন্তে শোৱাৰ সময়ত আঠুৱাৰ পূব দিশত এটা মুদ্ৰা ৰাখক। এনে কৰিলে ৰোগৰ পৰা সকাহ পাব পাৰি।

দা: ৰাতি প্ৰায়ে বেয়া সপোন দেখা বা সঘনাই টোপনিৰ অসুবিধা হ’লে ৰাতি শোৱাৰ আগত আঠুৱাৰ কাষত লোহাৰ বস্তু যেনে দা, কটাৰি আদি ৰাখিব লাগে। ইয়াৰ ফলত টোপনি বা সপোনৰ লগত জড়িত সমস্যা দূৰ হয়।

ইলাচিঃ ইলাচি অতি গুৰুত্বপূৰ্ণ। ৰাতি শোৱাৰ আগতে আঠুৱাৰ ওচৰত সৰু সৰু ইলাচি ৰাখক, ইয়াৰ ফলত আপোনাৰ ভাল টোপনি আহিব। লগতে ধৰণৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাৰ পৰাও আপুনি সকাহ পাব।

Leave A Reply