Breaking

ৰাণীৰ দৰে ৰাখে দুই পত্নীক! ইউটিউবাৰ আৰমান মালিকৰ উপাৰ্জনৰ বিষয়ে জানেনে…

0 221

ৰজাতকৈ কম নহয়, ৰাণীৰ দৰে দুয়োগৰাকী পত্নীও একেলগে থাকে! নিজৰ ব্যক্তিগত জীৱনক লৈ বহু আলোচনাত থাকে আৰমান মালিক। নিজৰ ব্লগ আৰু ভিডিঅ’ৰ সৈতে ট্ৰেণ্ডত থকা ইউটিউবাৰসকলে ইউটিউবৰ ইয়াৰ জৰিয়তে বহু টকা উপাৰ্জন কৰে। আজি আমি আপোনালোকক কম ইউটিউবাৰ আৰমান মালিকৰ বিষয়ে। তেওঁক নতুনকৈ চিনাকী কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, তেওঁৰ বিষয়ে সকলোৱে জ্ঞাত। কিছুদিন পূৰ্বে দুগৰাকী পত্নীৰ একেলগে গৰ্ভধাৰণৰ বিষয়টোৱে আৰমান মালিক ছ’চিয়েল মিডিয়াৰ যথেষ্ট চৰ্চাত আছিল। তেওঁ প্ৰায়ে নিজৰ ব্লগ আৰু ভিডিঅ’ৰ বাবে আলোচনাত থাকে।

ইউটিউবাৰ আৰমান মালিকে দগৰাকীক বিয়া কৰাইছে। প্ৰথমে পায়ালৰ লগত বিয়া হৈছিল যদিও তাৰ পিছত কৃতিকাৰ সৈতেও বিবাহপাশত আৱদ্ধ হয়। বিশেষ কথাটো হ’ল তেওঁৰ দুয়োগৰাকী পত্নী একেলগে থাকে। অতি সোনকালে পুনৰ পিতৃত্ব অৰ্জন কৰিব আৰমান মালিকে। তেওঁৰ দুয়োগৰাকী বৰ্তমান গৰ্ভৱতী আৰু সেইবাবেই আৰমান থাকে চৰ্চাত। আজি আমি আপোনালোকক তেওঁৰ উপাৰ্জনৰ কথা ক’ম। ব্লগ আৰু ভিডিঅ’ৰ জৰিয়তে প্ৰতিমাহে লাখ লাখ টকা উপাৰ্জন কৰা অৰমানে এবছৰত কোটি টকা উপাৰ্জন কৰে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি আৰমান মালিকে প্ৰতিমাহে প্ৰায় ডেৰ-দুইৰ পৰা তিনি লাখ টকা উপাৰ্জন কৰে। কেৱল এয়াই নহয়, তেওঁৰ নিজা জিমও আছে য’ৰ পৰা তেওঁ উপাৰ্জন কৰে। তেওঁ মিউজিক ভিডিঅ’ও মুকলি কৰি থাকে। এইদৰে আৰমানে এবছৰত কোটি কোটি টকা উপাৰ্জন কৰে।

এই কাৰণেই ইউটিউবাৰ আৰমান মালিকে জীৱনটো সম্পূৰ্ণ উল্লাসেৰে কটাব পাৰে। তেওঁৰ জীৱনশৈলী তেওঁৰ ব্লগত বহু পৰিমাণে প্ৰকাশ পায়। তেওঁলোকৰ পত্নীসকলও ৰাণীতকৈও কম নহয়। বিলাসী ঘৰ, বিলাসী গাড়ী, এক আড়ৰম্বপূৰ্ণ জীৱনশৈলী।

Leave A Reply